/asomiyapratidin/media/media_files/2024/11/23/pHUEmYOBaINebXRKCmgJ.png)
আৰম্ভ হৈছে প্ৰহৰ গণনা। কিয়নো আজি অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা কিছু সময় পাছতে আৰম্ভ হ’ব। শনিবাৰে পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ হ’ব ভোটগণনা পৰ্ব। প্ৰতিটো সমষ্টিতে ১২-১৪ টা ৰাউণ্ডত ভোটগণনা হোৱাৰ সম্ভাৱনা আছে।
বিহালী, চামগুৰি, ধলাই, চিদলী আৰু বঙাইগাঁও সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। এই নিৰ্বাচনৰ ফলাফলকলৈ এতিয়া ৰাজ্যজুৰি চৰ্চিত হৈছে। কোনে মাৰিব শেষ হাঁহি, কাৰ দখললৈ যাব কোন সমষ্টি। ইয়াৰ মাজতে বিশেষভাৱে চৰ্চিত হৈছে চামগুৰি সমষ্টিৰ নাম।
কিয়নো চামগুৰি সমষ্টিত ৰকিবুল তনয় তানজিল হুছেইনে কংগ্ৰেছৰ সমৰ্থন আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। তাৰোপৰি বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই এই সমষ্টিটোৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
উপ নিৰ্বাচনৰ সমান্তৰালকৈ আজিৰ দিনটোতেই ঘোষণা হ’ব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনী আয়োগে ৰাজহুৱা কৰা খবৰ অনুসৰি শনিবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া আৰু সন্ধিয়াই স্পষ্ট হ’ব দুয়োখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল।
এয়া হ’ব চলিত বছৰৰ শেষৰটো নিৰ্বাচনী ফলাফল। উল্লেখযোগ্য যে বিজেপি- শিৱসেনা(সিন্ধে)- এন চি পি(অজিত) মিত্ৰজোঁট শাসিত মহাৰাষ্ট্ৰত বিধানসভাৰ মুঠ ২৮৮খন আসনত ২০ নৱেম্বৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। এইবাৰৰ নিৰ্বাচনত বিজেপি নেতৃত্বৰ মহাজুটি আৰু কংগ্ৰেছ- এন চি পি(শাৰদ)- শিৱসেনা (উদ্ধৱ) মহাবিকাশ আঘাড়ীৰ মাজত ক্ষমতা দখলৰ তুমুল যুঁজ হয়।
একেদৰে উক্ত দিনটোতে ঝাৰখণ্ডত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৩ নবেম্বৰত অনুষ্ঠিত হৈছিল। বিধানসভাৰ মুঠ ৮১খন আসনৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে মেজিক সংখ্যা ৪১ স্পৰ্ষ কৰিব লাগিব ৰাজনৈতিক দলে।
-
Nov 23, 2024 13:43 IST
বিহালীৰ পাছত চিদলীতো এন ডি এ প্ৰাৰ্থীৰ জয়লাভ...
বিহালীৰ পাছত চিদলীতো এন ডি এ প্ৰাৰ্থীৰ জয়লাভ...
ৰাজ্যৰ ৫ বিধানসভাৰ উপ নিৰ্বাচনৰ দ্বিতীয়টো সমষ্টিত এন ডি এ প্ৰাৰ্থীৰ জয়লাভ
বিহালীৰ পাছত চিদলীতো জয়লাভ কৰিছে ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই।
৩২ হাজৰৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে ব্ৰহ্ম।
চামগুৰিতো ৪ সহস্ৰাধিক ভোটৰ অগ্ৰগতি বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ।
বঙাইগাঁৱত জয়ী সুনিশ্চিত হৈছে অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ। -
Nov 23, 2024 13:21 IST
ৱায়ানাডত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীৰ অগ্ৰগতি
ৱায়ানাডত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীৰ অগ্ৰগতি
ৱায়ানাড সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ অগ্ৰগতি।
সমষ্টিটোৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীয়ে বিপুল ভোটত লাভ কৰিছে অগ্ৰগতি।
৩৬৮৩১৯ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী।
বৰ্তমানলৈকে তেওঁ লাভ কৰা ভোটৰ সংখ্যা হৈছে ৫৫৭৪৫১টা -
Nov 23, 2024 12:55 IST
বিহালীত বিজেপিৰ জয়...
- অন্ত পৰিছে বিহালী বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
- ১৩ পৰ্যায়ত সমষ্টিটোত অনুষ্ঠিত হৈছিল ভোটগণনা পৰ্ব।
- ইতিমধ্যে ৯,০৫৬টা ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল।
- ঘাটোৱালে লাভ কৰা মুঠ ভোটৰ সংখ্যা ৫০,৮৬১টা।
- কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮০৫টা ভোট।
- চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে লাভ কৰা ভোটৰ সংখ্যা ৫,০৮৬টা।
- আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে লাভ কৰিলে ১,২০৯টা ভোট।
- নোটাত ভোটদান কৰা ভোটাৰৰ সংখ্যা ১,৫২১গৰাকী।
-
Nov 23, 2024 11:56 IST
চামগুৰি সমষ্টিত আগত আছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন
চামগুৰি সমষ্টিত আগত আছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন।
বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জনতকৈ ৬,২৫৯টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।
চিদলীত ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আগবাঢ়ি আছে ২১, ৩২২টা ভোটত।
বঙাইগাঁৱত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আগবাঢ়ি আছে ১৪,২১০টা ভোটত
বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আগবাঢ়ি আছে ৭,৩২৪টা ভোটত।
ধলাইত বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আগবাঢ়ি আছে ১০, ৭০৭টা ভোটত। -
Nov 23, 2024 11:44 IST
চতুৰ্থ ৰাউণ্ডৰ ভোট গ্ৰহণ অন্ত পৰিল চামগুৰিত...
চতুৰ্থ ৰাউণ্ডৰ ভোট গ্ৰহণ অন্ত পৰিল চামগুৰিত
আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন।
তাঞ্জিলে লাভ কৰিছে মুঠ ২১৯৭১টা ভোট।
ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই লাভ কৰিছে ১৮,২৭০টা ভোট।
৩,৭০১টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছ তাঞ্জিল
আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে লাভ কৰিছে ৩৩৩টা ভোট। -
Nov 23, 2024 10:49 IST
বিহালীত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা অন্ত, আগত বিজেপি
বিহালীত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনাৰ অন্ত পৰিছে। ২৪হাজাৰ ৮১০টা ভোট লাভেৰে আগত আছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল।ষষ্ঠ ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে ২০,০২২টা ভোট। চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে লাভ কৰা ভোটৰ সংখ্যা ২,৪১৯টা। আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে লাভ কৰিছে ৬১০টা ভোট। ন'টাত পৰিছে ৭৭৫টা টা ভোট। এই সমষ্টিটোত মুঠ ১৩টা ৰাউণ্ডত ভোটগণনা সম্পন্ন হব।
-
Nov 23, 2024 10:43 IST
শেহতীয়া খবৰঃ অসমৰ ৫সমষ্টিত কোন কিমান ভোটত আগবাঢ়ি আছে...
- চিদলীত ৯,২৫৫টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম
- চামগুৰিত ৫৩৮টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা
- ধলাইত ১,৯২৭টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস
- বঙাইগাঁৱত ৮,৯৬২টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী
- বিহালীত ৪,৭৮৮টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল
-
Nov 23, 2024 09:50 IST
দ্বিতীয় ৰাউণ্ডঃ বঙাইগাঁও, বিহালীত বিজেপি, চিদলীত ইউ পি পি এলৰ অগ্ৰগতি...
- দ্বিতীয় ৰাউণ্ডৰ অন্তত ৪০৭৪টা ভোটত অগ্ৰগতি অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী
- বিহালীত ২২২৩টা ভোটত অগ্ৰগতি বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল
- চিদলীত ১০৮৯টা ভোটত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ অগ্ৰগতি
- ৱায়নাডত ৫৬,৫১৬টা ভোটত অগ্ৰগতি প্ৰিয়ংকা গান্ধীৰ
-
Nov 23, 2024 09:46 IST
মহাৰাষ্ট্ৰ- ঝাৰখণ্ডত মেজিক সংখ্যা স্পৰ্শ এন ডি এৰ
সদ্য অনুষ্ঠিত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এন ডি এয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ২৮৮ খন আসনযুক্ত মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হ’ব ১৪৫খন আসন।
এই সংখ্যা ইতিমধ্যে অতিক্ৰম কৰিছে এন ডি এ। ৰাজ্যখনত ১৯০খন আসনত অগ্ৰগতি লাভ কৰিছে এন ডি এৰ প্ৰাৰ্থীয়ে। ইয়াৰ বিপৰীতে ৭৫খন আসনত আগবাঢ়ি আছে এম ভি এৰ প্ৰাৰ্থী।
ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনতো দেখা গৈছে এন ডি এৰ অগ্ৰগতি। ৰাজ্যখনৰ ৮১খন আসনৰ ভিতৰত ৪২খনতে এন ডি এৰ প্ৰাৰ্থী আগবাঢ়ি আছে। ইণ্ডিয়াৰ প্ৰাৰ্থী আগবাঢ়ি আছে ৩৬খন আসনত। ঝাৰখণ্ডত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা ৪১।
-
Nov 23, 2024 09:41 IST
প্ৰথম ৰাউণ্ডৰ অন্তত বিহালীত কোনে, কিমান ভোট পালে...
প্ৰথম ৰাউণ্ডৰ অন্তত বিহালীত কোনে, কিমান ভোট পালে...
প্ৰথম ৰাউণ্ডৰ অন্তত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে লাভ কৰিছে ৪,৩৫০ টা ভোট।
কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে ৩,২৫৯ টা ভোট।
চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে লাভ কৰিছে ৪৩৩টা ভোট।
আম আদমি প্ৰাৰ্থী অনন্ত গগৈয়ে লাভ কৰিছে ১০৫টা ভোট।
নোটাত পৰিছে ১৬৪টা ভোট। -
Nov 23, 2024 09:40 IST
প্ৰথম ৰাউণ্ডঃ কংগ্ৰেছক চেৰাই বঙাইগাঁৱত আগত দৌৰিছে দীপ্তিময়ী চৌধুৰী...
- ৰাজ্যৰ ৫বিধানসভা উপনিৰ্বাচনৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে বঙাইগাঁৱত।
- অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে লাভ কৰিছে ৪৬৮৫টা ভোট।
- কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিত সিনহাই লাভ কৰিছে ৪০১১টা ভোট।
- নিৰ্দলীয় প্ৰাৰ্থী গৌতম ৰয়ে লাভ কৰিছে ৩৫৫টা ভোট।
- নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰে লাভ কৰিছে ২৭৮টা ভোট।
- নিৰ্দলীয় প্ৰাৰ্থী দীপক দাসে লাভ কৰিছে ১৫০টা ভোট।
- নিদৰ্লীয় প্ৰাৰ্থী মৃত্যুঞ্জয় ৰাভাই লাভ কৰিছে মাত্ৰ ৮৮টা ভোট।
- নিদৰ্লীয় বুদ্ধেশ্বৰ বৰ্মনে লাভ কৰিছে ৭২টা ভোট।
- নিদৰ্লীয় প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰে লাভ কৰিছে ৬২টা ভোট।
- এই মূৰ্হুতলৈকে নটাত পৰিছে ২০১টা ভোট।