দৰঙ্গামেলাত ৩০ হাজাৰ টকাৰ অবৈধ ভূটানী সুৰা জব্দ

দৰঙ্গামেলাত ৩০ হাজাৰ টকাৰ সুৰা জব্দ

author-image
Asomiya Pratidin
New Update
দৰঙ্গামেলাত ৩০ হাজাৰ টকাৰ অবৈধ ভূটানী সুৰা জব্দ

ডিজিটেল সংবাদ,তামুলপুৰঃ ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত ৩০ হাজাৰ টকাৰ সুৰা জব্দ কৰে আবকাৰী বিভাগে। তামুলপুৰ আবকাৰী বিভাগে অবৈধ ভূটানী সুৰা বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে ভূটানী সুৰা সৰবৰাহৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে।

Advertisment

দৰঙ্গামেলাত তামুলপুৰৰ আবকাৰী চক্ৰৰ সহ পৰিদৰ্শক বাবুল বৈশ্য আৰু ৬৪ নং এছ এছ বিয়ে এক গোপন সূত্ৰৰ পম খেদি ৩০ কাৰ্টুন ভূটানী সুৰা ভৰ্তি এ এছ ০১ এভি ৩১৬৭ নম্বৰৰ চাৰিচকীয়া এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সৈতে জড়িত এজন লোকক আটক কৰে আবকাৰী আৰু এছ এছ বিয়ে। আটকাধীন লোকজন ২৭ বছৰীয়া পবিত্ৰ বৰ্মন ওৰফে বনঝাৰ বৰ্মন।

জানিব পৰা মতে,চাৰিচকীয়া বাহনখনেৰে ভূটানৰ পৰা কুমাৰীকাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু এছ এছ বিৰ লোকে সুৰা সহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আবকাৰী বিভাগে জব্দকৃত সুৰা সহ বাহনখন কাৰ্যালয়লৈ লৈ যায়।

tamulpur news Darangamela liquor seized