/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/552590a9-69b7-4543-8e80-e9e6ca5167a4/kjdkjkdd.jpg)
ডিজিটেল সংবাদ, মায়ং: দুৰ্গা পূজাৰ চলি থকাৰ মাজতে দেওবাৰে মৰিগাঁও জিলাৰ মায়ং থানাৰ আৰক্ষীৰ জালত পৰে এজন অবৈধ সুৰা ব্যৱসায়ী। ব্যৱসায়ী জনৰ নাম গনেশ বড়ো।
মায়ঙৰ বৰদিয়া পাভকাতিৰ পৰা ১২ কাৰ্টুন বিলাতী সুৰা জব্দ কৰাৰ লগতে আটক কৰে ব্যৱসায়ী জনকো।দীৰ্ঘদিন ধৰি গনেশ বড়োৱে নিজৰ গেলামালৰ দোকান খনতে অবৈধ ভাবে বিলাতী সুৰা মজুত কৰি ৰাখি ব্যবসায় চলাই আহিছিল।
এক গোপন সূত্ৰৰ পম খেদি অ চি ৰানা ভূঞাই অভিযান চলাই হাতে লোতে জব্দ কৰি সুৰা ব্যৱসায়ি জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।