ডিজিটেল সংবাদ, কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত আলফাৰ বিৰুদ্ধে সেনাই চলোৱা অভিযানত আলফা স্বাধীনৰ ৩জন লিংকমেন আটক কৰিছে।
কাকপথাৰৰ বৰালীগাঁৱৰ পৰা আটক কৰা লিংকমেন কেইজন ক্ৰমে- মণিকান্ত মৰাণ, বিমান মৰাণ আৰু মিলন মৰাণ।
লিংকমেন কেইজনে ৪জন যুৱকক আলফাত যোগদান কৰাবলৈ চেষ্টা চলাওতেই সেনাইৰ হাতত ধৰা পৰে। সেনাই ধৃত লিংকমেন কেইজনক জেৰা অব্যাহত ৰাখিছে।