New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/dalang.jpg)
- অৰুণাচলৰ লিকাবালী-পাংগিংত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
- বলেং-পাংগিঙ সংযোগী সংগম দলং ভাঙি পৰাৰ ফলত এখন ডাম্পাৰ নদীত পৰি ডুব গৈছে।
- ডাম্পাৰখনত আছিল তিনিজন ব্যক্তি।
- এতিয়ালৈকৈ ডাম্পাৰখনত থকা কোনো এজন ব্যক্তিৰেই সন্ধান লাভ কৰা নাই।
- সন্ধানহীন হৈ থকা লোক কেইজন ৰাহুল টামাং, ৰঞ্জিত সুত্ৰধৰ আৰু মিটাংগা বড়ো বুলি জানিব পৰা গৈছে।
- পুৱা ৯ বজাতেই সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।
- ইতিমধ্যে সন্ধানহীন হৈ থকা তিনিওজন ব্যক্তিৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰক্ষী, প্ৰশাসন আৰু স্থানীয় লোকসকলে।
- বলেং আৰু পাংগিং সংযোগী একমাত্ৰ দলং হৈছে সংগম দলং।
- এই দলং খন ভাঙি যোৱাৰ ফলত লিকাবালী আৰু বাছাৰ পথ বন্ধ হৈ পৰিছে।
- যাৰবাবে পথত আবদ্ধ হৈ পৰিছে বহু গাড়ী যান বাহন।