কোৰোনাৰ সন্ত্ৰাসৰ সময়ত নিজৰ জীৱনকো তুচ্চ কৰি সংবাদ সেৱাৰে জড়িত সাংবাদিকলৈ ৫০ লাখ টকাৰ জীৱন বীমা ৰাজ্য চৰকাৰৰ…

কোৰোনাৰ সন্ত্ৰাসৰ সময়ত নিজৰ জীৱনকো তুচ্চ কৰি সংবাদ সেৱাৰে জড়িত সাংবাদিকলৈ ৫০ লাখ টকাৰ জীৱন বীমা ৰাজ্য চৰকাৰৰ…

author-image
asomiyapratidin
New Update
তেজপুৰৰ কেতেকীবাৰীত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত মহন্তক লো’ৰ ৰডেৰে আক্ৰমণ…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ সময়ত নিজৰ জীৱনকো তুচ্চ কৰি সংবাদ সেৱাৰে জড়িত সাংবাদিকসকললৈ ৫০ লাখ টকাৰ জীৱন বীমাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোমবাৰে কেবিনেট বৈঠকৰ পিছতে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বীমাৰ প্ৰসংগত সোণোৱালে কয়- কোৰোনা মহামাৰীৰ ক্ষেত্ৰত জনসচেতনতা সৃষ্টিৰ বাবে সাংবাদিকসকলে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি হিচাপে সংবাদসেৱীসকলে লোৱা ভূমিকা অতি প্ৰশংসনীয় আৰু ৰাজ্য চৰকাৰে সেয়েহে তেওঁলোকৰ বাবেও ৫০ লাখ টকাৰ জীৱন বীমাৰ সুবিধাৰে সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে মুখ্যমন্ত্ৰী সোণোৱালে কোৰোনাৰ সংক্ৰমণৰ সময়ত নিষ্ঠাৰে কৰ্মসম্পাদন কৰা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ, আৰক্ষী, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জনস্বাস্থ্য কাৰিকৰী, শক্তি ইত্যাদি সকলো বিভাগৰ কৰ্মচাৰীকো প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদসেৱীসকলৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে আগন্তুক সময়তো দায়বদ্ধতাৰে সমাজলৈ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়।