শিৱসাগৰত চিঠি লিখা প্ৰতিযোগিতা…

শিৱসাগৰত চিঠি লিখা প্ৰতিযোগিতা…

author-image
asomiyapratidin
New Update
শিৱসাগৰত চিঠি লিখা প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, আমগুৰিঃ মঙলবাৰে ফাগুনৰ পচোৱা চাটিত বা বলাবলৈকে শিৱসাগৰৰ দিকচু আলোক সন্ধানী যুৱ সমাজৰ উদ্যোগত দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত খোজ গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি আয়োজন কৰিলে এক ব্যতিক্ৰমী চিঠি লিখা প্ৰতিয়োগিতা।

বৰ্তমান সময়ত চিঠি হৈ পৰিছে এক দুৰ্লভ বিষয়। ডিজিটেল সময়ৰ চাকনৈয়াই কাঢ়ি নিলে চিঠিৰ সেই অতুলনীয় মাদকতা। আৰু চিঠিৰ ঠাই ললে ফেচবুক, হোৱাটচআপৰ দৰে ছ'চিয়েল মিডিয়াসমূহে। তেনে সময়তে দিকচু আলোক সন্ধানী যুৱ সমাজে হেৰাই যোৱা সেই আন্তৰিকতাপূৰ্ণ অতীত বোৰক পুনৰ এবাৰ জুমি চোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰা চিঠি লিখা প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰে।

শিক্ষক-শিক্ষাৰ্থী, স্হানীয় ৰাইজ আৰু বহু দূৰ দূৰণিৰ প্ৰতিযোগীয়ে লিখিলে এখনি চিঠি। এই প্ৰতিযোগিতাত লিখা চিঠিখনি কোনোৱে যদি লিখিলে গছৰ তলত, কোনোৱে লিখিলে মুকলি আকাশৰ তলৰ কোমল ঘাঁহনিত।