ৰংবঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

ৰংবঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

ডিজিটেল সংবাদ, নুমলীগড় : মৰঙিৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ ৪ নং ৰংবং গাঁৱৰ এখন চাহ বাগিচাত বৃহস্পতিবাৰে পুৱাই উদ্ধাৰ হয় এটি মৃত নাহৰফুটুকী। ইয়াৰ পিচতে বাঘৰ মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে ৰাইজে। কাষৰ পৰা মৃতদেহ চোৱাৰ হেঁপাহত অঞ্চলটোৰ ৰাইজৰ সমাগম হয়। ইতিমধ্যে গলিবলৈ ধৰা মৃতদেহটো প্ৰত্যক্ষ কৰি এসপ্তাহমান পূৰ্বেই নাহৰফুটুকীটোৰ মৃত্যু হোৱাৰ অনুমান প্ৰকাশ কৰে।

Advertisment

নিজৰ মাজৰ কাজিয়াৰ ফলতেই এই বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ইপিনে, এতিয়াও তিনি-চাৰিটাকৈ বাঘে সন্ধিয়া হ'লেই সন্ত্ৰাসৰ সৃষ্টি কৰে। ইতিমধ্যে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ প্ৰায় ২০টামান ছাগলি আৰু গৰুৰ বাঘে নিধন কৰি বিস্তৰ ক্ষতি কৰিছে। বাকী থকা বাঘসমূহক পিঞ্জৰাবদ্ধ কৰি পশুপালক সকলক সকাহ দিবৰ বাবে ৰাইজে আহ্বান জনাইছে। নুমলীগড়ৰ পৰা চবিত বিষ্ট।

Also Read: জম্মু-কাশ্মীৰলৈ মোডীঃ কটকটীয়া নিৰাপত্তা ব্যৱস্থা,পৰীক্ষা স্থগিত, বন্ধ কৰি দিয়া হৈছে বিদ্যালয়