লকডাউনত প্ৰশংসনীয় পদক্ষেপ: আশ্ৰয়হীন তথা দৰিদ্ৰ লোকলৈ নিশাৰ আহাৰ…

লকডাউনত প্ৰশংসনীয় পদক্ষেপ: আশ্ৰয়হীন তথা দৰিদ্ৰ লোকলৈ নিশাৰ আহাৰ…

author-image
asomiyapratidin
New Update
লকডাউনত প্ৰশংসনীয় পদক্ষেপ: আশ্ৰয়হীন তথা দৰিদ্ৰ লোকলৈ নিশাৰ আহাৰ…

ডিজিটেল সংবাদ মৰিয়নিঃ সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচন মৰিয়নি আঞ্চলিক সমিতিৰ সৌজন্যত আশ্ৰয়হীন তথা দৰিদ্ৰলোকক নিশাৰ আহাৰ যোগান ধৰি আহিছে। ফিড এ নিডিৰ (Feed A Needy) যোগেদি ২৪ দিন ধৰি মৰিয়নি নগৰৰ আশ্ৰয়হীন নাগৰিক আৰু মৰিয়নি পাঁচটা ৱাৰ্ডৰ অতি দুখীয়া শ্ৰেণীৰ নাগৰিকৰ মাজত ৰাতিৰ আহাৰ যোগান ধৰা হয়।

লকডাউন চলি থকা পৰ্যন্ত এই কাৰ্যসূচী চলি থাকিব বুলি জানিব দিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ যোৰহাট জিলাৰ সভাপতি বিপ্লৱ ঘোষে। ইপিনে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ এই কাৰ্যক শলাগ লৈছে মৰিয়নি বাসীয়ে।