/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6b18e0d5-0c62-4557-849e-61adf04818ca/dddd.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী বয়স্ক ধৰ্মপ্ৰাণ ব্যক্তি , প্ৰবীণ ধৰ্ম সংস্কাৰক , সদৌ অসম কেৱল কাল সংহতিৰ উপদেষ্টা , পূৰ্ণ সাধু লাভেশ্বৰ গগৈৰ শনিবাৰে পুৱা প্ৰায় ৮-৩০ বজাত দেহাবসান ঘটে । ঢকুৱাখনাৰ খামন কোঁৱৰ গাঁও নিবাসী ধৰ্মপ্ৰাণ গগৈযে বাৰ্ধক্যজনিত কাৰণত স্ব গৃহত শেষ নিশ্বাস ত্যাগ কৰে । ১৯৩৭ চনৰ ২৮ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা প্ৰবীণ সমাজ সংস্কাৰক গগৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ ।
বৃহত্তৰ ঢকুৱাখনাৰ সমাজ জীৱনৰ লগত সম্পৃক্ত হৈ আধ্যাত্মিক মাৰ্গ দৰ্শনেৰে এখন শৃংখলিত মানৱতাবাদী সমাজ গঠনৰ হকে আমৃত্যু প্ৰয়াস কৰি যোৱা ধৰ্ম প্ৰাণ গগৈয়ে মৃত্যুৰ সময়ত পত্নী ,পুত্ৰ, কন্যা ইষ্ট কুটুম্বৰ লগতে অজস্ৰ গুণমুগ্ধক ইস সংসাৰত এৰি থৈ যায় । প্ৰবীণ ধৰ্ম প্ৰচাৰক গৰাকীৰ বিয়োগৰ খবৰ পাই অজস্ৰ শুভাকাংক্ষী, ধৰ্ম প্ৰাণ ৰাইজৰ আগমন ঘটে গগৈৰ বাসগৃহলৈ ।
ধৰ্মীয় ৰীতি নীতি আৰু গায়ন বায়নেৰে প্ৰয়াত গগৈৰ নশ্বৰ দেহলৈ অন্তিম যাত্ৰা কৰে অগণন ধৰ্ম প্ৰাণ ৰাইজে । শোকস্তব্ধ ঢকুৱাখনাৰ গুনমুগ্ধ ৰাইজে মাংগলিক পৰম্পৰাৰে বৈকুণ্ঠী পূৰ্ণ সাধু গৰাকীৰ শেষকৃত্য সম্পন্ন কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই ।