ডিজিটেল সংবাদ নলবাৰী: 'গুপ্তঘাতকে প্ৰাণ লোৱা মানৱ দৰদী ধৰণীধৰ দাস স্বকীয় কৰ্মেৰে জাতীয় চেতনা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে আমাৰ মাজত উজলি উঠিছিল । তেওঁ কুষ্ঠৰোগত আক্ৰান্ত লোকক আন্তৰিকতাৰে চিকিৎসা কৰি প্ৰকৃত মানৱ দৰদী চিকিৎসক হিচাপে পৰিচয় দিছিল । ডাঃ ধৰণীধৰ দাসৰ মৃৃত্যুত আমি এগৰাকী প্ৰকৃত অথচ উগ্ৰতাহীন জাতীয়তাবাদী লোকক অকালতে হেৰুৱালোঁ।' এই মন্তব্য গুপ্তঘাতকে গুলীয়াই প্ৰাণ কাঢ়ি নিয়া ডাঃ ধৰণীধৰ দাসৰ সহপাঠী–সহকৰ্মী বিশিষ্ট চিকিৎসক কামেশ্বৰ লহকৰৰ ।
উল্লেখযোগ্য, ১৯৯৮ বৰ্ষৰ ১১ আগষ্টৰ নিশা বৰমাৰ নিজ জুলুকী নিৱাসী, নলবাৰী জিলা সাহিত্য সভাৰ তদানীন্তন সম্পাদক, এগৰাকী কবি, সুলেখক, সমাজ সংগঠক তথা জিলাখনৰ সুচিকিৎসক ডাঃ ধৰণীধৰ দাস সহিতে তেওঁৰ মাতৃ ফুলেশ্বৰী দাস, সগৰ্ভ পত্নী ৰূপজ্যোতি শইকীয়া আৰু ভগ্নী লতিকা কছাৰীক গুপ্তঘাতকে নিৰ্বিচাৰে গুলীয়াই প্ৰাণ কাঢ়ি নিছিল । এই সংস্কৃতিৱান পৰিয়ালটিৰ অন্যতম সদস্য হৈছে উগ্ৰপন্থী সংগঠন আলফাৰ তদানীন্তন প্ৰচাৰ সচিব মিথিংগা দৈমাৰী । মিথিংগা দৈমাৰী আলফাৰ নেতা হোৱাৰ বাবেই হয়তো এই সৰল–সংস্কৃতিৱান পৰিয়ালটি গুপ্তহত্যাৰ বলি হ'বলগীয়া হৈছিল । তেতিয়াৰপৰা নলবাৰী জিলা সাহিত্য সভাই ১১ আগষ্টৰ দিনটো ডাঃ ধৰণীধৰ দাস স্মৃতি দিৱস হিচাপে পালন কৰি আহিছে । সেই উপলক্ষে ১১ আগষ্টত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰমা শাখা সাহিত্য সভাৰ সহযোগত বৰমাস্থিত বাস্কা প্ৰেছ ক্লাবত আয়োজিত ডাঃ ধৰণীধৰ দাস স্মৃতি দিৱসৰ সভাত 'জাতীয় চেতনা আৰু সমন্বয়ৰ প্ৰতীক ডাঃ ধৰণীধৰ দাস' শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিকিৎসক কামেশ্বৰ লহকৰে ।
বক্তৃতা প্ৰসংগত তেওঁ কয় যে ডাঃ ধৰণীধৰ দাস চিকিৎসাৰ লগতে সৃষ্টিশীল বিষয়ত সততে ব্যস্ত আছিল । সমসাময়িকভাৱে মতাদৰ্শ থকা বিষয়বোৰো তেওঁ অধ্যয়ন কৰি জাতীয় চিন্তা চেতনাক শক্তিশালী কৰিছিল । তেওঁৰ লেখা–মেলা, সাংগঠনিক, সামাজিক কাম কাজত বা চিকিৎসক হিচাপে সমন্বয় স্থাপন কৰিব খোজা বিষয়টো স্পষ্ট হৈছিল । তেওঁ অতি পৰিপাটি আৰু একনিষ্ঠ পঢ়ুৱৈ আছিল । অতি স্বাভিমানী ডাঃ ধৰণীধৰ দাস তথাকথিত পাশ্চাত্য সংস্কৃতিৰো বিৰোধী আছিল । তেওঁৰ যিসকলে প্ৰাণ ল'লে তেওঁলোকো আজি সুখত থাকিব পৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ডাঃ কামেশ্বৰ লহকৰে ।
নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত আয়োজিত এই সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত ১১ আগষ্টৰ দিনটোক নলবাৰী জিলাৱাসীৰ বাবে ক'লা দিন হিচাপে আখ্যা দি জাতীয় সত্তা সম্পন্ন, অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক ডাঃ ধৰণীধৰ দাসৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে স্থানীয় ৰাইজ, বৰমা শাখা সাহিত্য সভা আৰু নলবাৰী জিলা সাহিত্য সভাক আগভাগ ল'বলৈ আহ্বান জনায় । বিশিষ্ট সাহিত্য সংগঠকগৰাকীৰ আহ্বান মৰ্মে সভাত এই বিষয়ে পৰৱৰ্তী সময়ত বাস্তৱিক কাৰ্য ব্যৱস্থা লোৱাৰ উদ্দেশ্যে এখন সমিতিও গঠন কৰা হয় ।
নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই নলবাৰী জিলা সাহিত্য সভাৰ বাবে ১১ আগষ্ট দিনটোৰ তাৎপৰ্য আৰু সভা আয়োজনৰ উদ্দোশ্য ব্যাখ্যা কৰা তথা বৰমা শাখা সাহিত্য সভাৰ সম্পাদক ভাৰয় ৰাজবংশীয়ে আঁত ধৰা সভাখনত 'ডাঃ ধৰণীধৰ দাসৰ ব্যক্তিসত্তা আৰু অসমীয়া সাহিত্যৰ গতিধাৰা' শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে আততায়ীৰ হাতত প্ৰাণ হেৰুওৱা ডাঃ ধৰণীধৰ দাসে জাতীয় জীৱনৰ বাবে বহু কৰি গৈছে । তেওঁ সাহিত্যতকৈ সাহিত্য আৰু সমাজৰ সাংগঠনিক দিশত অধিক গুৰুত্ব দিছিল । তেওঁৰ সৃষ্টি ৰাজিক স্থায়ী ৰূপ দিয়াৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদকগৰাকীয়ে বাৰুকৈয়ে গুৰুত্ব আৰোপ কৰে ।
সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ডাঃ ধৰণীধৰ দাসক এটা জাতীয় সত্তা বুলি অভিহিত কৰি এই সত্তাক কোনে আৰু কিয় হত্যা কৰিলে সেই প্ৰশ্নৰ উত্তৰ অসমৱাসীয়ে আজিও নোপোৱাটো অতি বেদনাদায়ক বিষয় হিচাপে চিহ্নিত বুলি দোহাৰে । অনুষ্ঠানত সদৌ ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তুলসী মানস ৰাভাই ভাষণ প্ৰদান কৰি কয় যে বৰমাবাসীৰ বাবে ১১ আগষ্টৰ দিনটো ক'লা দিন । বৰ্বৰ সেই ঘটনাৰ তদন্তৰ বাবে কেবাখনো তদন্ত আয়োগ গঠন হ'ল । কিন্তু কোনো এখন আয়োগে গুপ্ত হত্যাৰ তথ্য প্ৰকাশ কৰিব নোৱাৰিলে । সেই দুখদায়ক ঘটনাৰ ২৩ বছৰ হ'ল । বৰমাবাসীয়ে আজিও এই বিষয়ৰ ন্যায় পাবলৈ ৰৈ আছে বুলিও তেওঁ আশা প্ৰকাশ কৰে । বি এইছ বি মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক ড০ ফণীধৰ তালুকদাৰ আৰু সমাজকৰ্মী অজয় দাসেও ডাঃ ধৰণীধৰ দাসৰ স্মৃতি ৰোমন্থন কৰে ।
সভাত ডাঃ ধৰণীধৰ দাসৰ স্মৃতিত সহকৰ্মী ডাঃ কৈলাস ডেকাই ৰচনা কৰা এটি কবিতা পাঠ কৰা হয় । স্মৃতি সভাৰ পূৰ্বে ডাঃ ধৰণীধৰ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰমা শাখা সাহিত্য সভাৰ সভাপতি শুক্লেশ্বৰ মেধিয়ে । মাল্যাৰ্পণ কৰে বি এইছ বি মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক ড০ ফণীধৰ তালুকদাৰে আৰু স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে বৰমা মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক দিলীপ কুমাৰ শৰ্মাই । ইয়াৰ পাছত নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ, প্ৰাক্তন সহকাৰী সম্পাদক দিলীপ কুমাৰ হালৈ, অৱসৰীয়া শিক্ষক প্ৰভাষ দত্ত, বসন্ত কুমাৰ বৰ্মন, সমাজসেৱক প্ৰদীপ কুমাৰ দত্ত, প্ৰতাপ কলিতা, সাহিত্যসেৱক নৱপ্ৰভাত দাস, শৰণীয়া কছাৰী সাহিত্য সভাৰ সম্পাদক লোহিত চন্দ্ৰ দাস, বৰঝাৰ শাখা সাহিত্য সভাৰ সম্পাদক ৰমেন কলিতা, অৱসৰীয়া শিক্ষক বিৰিঞ্চি কুমাৰ বৰুৱা, শিক্ষাৰ্থী ভূপালী কলিতা আৰু বৰষা হালৈয়ে স্মৃতি তৰ্পণ কৰে । অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয় ।