লাওখোৱাত বনকৰ্মীক আক্ৰমন…

লাওখোৱাত বনকৰ্মীক আক্ৰমন…

ডিজিটেল সংবাদ নগাঁও : লাওখোৱা অভয়াৰণ্যত সোমবাৰে নিশা দলবদ্ধ আক্ৰমণৰ সন্মুখীন হ'ল এগৰাকী বন কৰ্মী। সন্ধিয়া গড়াজান বজাৰৰ পৰা বজাৰ কৰি কৰ্মস্থলী চৰাইহাগী বন শিবিৰলৈ গৈ থকা অৱস্থাত ধিং শিলঘাট মথাউৰিৰ ওপৰত বনকৰ্মী মহম্মদ ইছলামক দলবদ্ধ আক্ৰমণ কৰে চোৰাং মাছমৰীয়াৰ এটা দলে। ৫ জনীয়া চোৰাং মাছমৰীয়াৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাবে আহত হয় বন কৰ্মী মহম্মদ ইছলাম ৷

বনকৰ্মীগৰাকীৰ চিঞৰ-বাখৰ শুনি সহকৰ্মীসকলে বনকৰ্মীগৰাকীক উদ্বাৰ কৰি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ।উল্লেখ্য যে, লাওখোৱা অভয়াৰণ্যৰ বিল-খালত চোৰাংকৈ মাছ ধৰিবলৈ নিদিয়াৰ বাবেই চোৰাং মাছমৰীয়াসকলে অকলশৰীয়া বনকৰ্মীজনক মথাউৰিৰ ওপৰত দলবদ্ধভাবে আক্ৰমণ কৰে।

সম্প্ৰতি বন বিভাগে জুৰীয়া আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে। পূৰ্বেও অভয়াৰণ্যখনত চাৰিবাৰ বনকৰ্মীক এইদৰে আক্ৰমণ কৰা হৈছে যদিও এই ক্ষেত্ৰত আৰক্ষীক গোচৰ দিয়াৰ পিছটো আৰক্ষীয়ে ৰহস্যজনক ভূমিকা লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in