/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/lakhya-bayan-1.jpg)
ডিজিটেল সংবাদঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে লক্ষ্য বায়নে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত শুক্ৰবাৰৰ নিশা ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া প্ৰতিদিনৰ সংবাদকৰ্মী গৰাকীয়ে। শনিবাৰে মৰোণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ নশ্বৰ দেহ চানমাৰিৰ সাদিন-অসমীয়া প্ৰতিদিন গোষ্ঠীৰ কাৰ্যলয়লৈ অনা হয়।
অসমীয়া প্ৰতিদিনৰ ডিটিপি বিভাগত কৰ্মৰত লক্ষ্য বায়নৰ নশ্বৰ দেহত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, সাদিন-অসমীয়া প্ৰতিদিন গোষ্ঠীৰ মহা প্ৰবন্ধক মৃন্ময় দে', অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰী, সহযোগী সম্পাদক প্ৰকাশ মহন্ত আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/98e0edea-e405-489f-83f8-2a1927d5ac32-1024x1024.jpg)
অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈয্য হাজৰিকাই তেওঁৰ দেহত এখন গামোচা দি শেষ বিদায় জনাই। মহাপ্ৰবন্ধক ঋষি বৰুৱাইও সংবাদ কৰ্মী গৰকীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। সতীৰ্থসকলে অকাল মৃত্যু হোৱা লক্ষ্য বায়নৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰি শোকাকুল হৈ পৰে। অসমীয়া প্ৰতিদিনৰ জেষ্ঠ্য সাংবাদিক তথা আন সংবাদ কৰ্মী সকলেও ১৪ জুলাইত এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈ মৃত্যুক সাৱটি লোৱা বায়নক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, কামৰূপ গ্ৰাম্য জিলাৰ ছমৰীয়াৰ অতি সৰবৰাহী যুৱক আছিল লক্ষ্য বায়ন। ঘৰৰ পৰা কাৰ্যালয়লৈ বাইকেৰে আহি থকাৰ সময়ত কুকুৰমাৰাত এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছিল লক্ষ্য বায়ন। অসমীয়া প্ৰতিদিনত প্ৰায় ১৮ বছৰ ধৰি ডিটিপি শাখাত সেৱা আগবঢ়োৱা লক্ষ্য বায়নৰ মৃত্যুত শোকাহত হৈ পৰিছে অসমীয়া প্ৰতিদিনৰ পৰিয়াল বৰ্গ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/WhatsApp-Image-2021-07-17-at-8.35.33-AM-1024x1024.jpeg)
অতি নম্ৰ আৰু হাঁহিমুখীয়া বায়নে মৃত্যুৰ সময়ত কনমাণি দুই সন্তান আৰু পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁৰ আত্মাৰ সদগতিৰ কামনাৰ্থে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কাৰ্যালয়ত ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। প্ৰায় ১ মাহ মানৰ পূৰ্বে মাতৃক হেৰুওৱা বায়ন এ এছ ২৫ পি ৫১৬৪ নম্বৰৰ মটৰচাইকেলখনেৰে কাৰ্যালয়লৈ আহি থকাৰ সময়ত এম এল ০৮ জি ১৯০১ নম্বৰৰ ট্ৰেঙ্কাৰৰ খুন্দাত আহত হৈছিল। মূৰত আঘাত পোৱা বায়নৰ মগজুৰ ৰক্তক্ষৰণ হোৱাত আই চি ইউত দুদিন ধৰি চিকিৎসাধীন হৈ আছিল। তেওঁৰ মৃত্যুত অসমীয়া প্ৰতিদিনৰ পৰিয়াল মৰ্মাহত হোৱাৰ লগতে বিভিন্ন সাংবাদিকৰ দল সংগঠন আৰু ছমৰীয়া বাসীয়েও গভীৰ শোক ব্যক্ত কৰিছে। অসমীয়া প্ৰতিদিনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পাছতে তেওঁৰ নশ্বৰ দেহ জন্মস্থান ছমৰীয়ালৈ লৈ যোৱা হয়। তাতেই তেওঁৰ অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।