অসমীয়া প্ৰতিদিনৰ সংবাদ কৰ্মীৰ বিয়োগত শোক..

অসমীয়া প্ৰতিদিনৰ সংবাদ কৰ্মীৰ বিয়োগত শোক..

author-image
asomiyapratidin
New Update
অসমীয়া প্ৰতিদিনৰ সংবাদ কৰ্মীৰ বিয়োগত শোক..

ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা 'অসমীয়া প্ৰতিদিন'ৰ সংবাদকৰ্মী লক্ষ্য বায়নৰ শুক্ৰবাৰে নিশা মৃত্যু হয়। ৪৭ বৰ্ষীয় লক্ষ্য বায়ন বিগত ১৪ জুলাইত ছমৰীয়াৰ নিজ ঘৰৰ পৰা কাৰ্যালয়লৈ বাইকেৰে আহি থকাৰ মুহূৰ্তত কুকুৰমাৰাত পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছিল। ইয়াৰ পাছতেই তেওঁক জি এম চি এইছৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে শুক্ৰবাৰে নিশা ৮ বজাত জি এম চি এইছতে লক্ষ্য বায়নৰ মৃত্যু হয়।

Advertisment

'অসমীয়া প্ৰতিদিন'ৰ ডি টি পি শাখাত বিগত প্ৰায় ১৮ বছৰ ধৰি সেৱা আগবঢ়াই আহিছিল প্ৰয়াত লক্ষ্য বায়নে। তেওঁৰ মৃত্যুত সাদিন-প্ৰতিদিন গোষ্ঠিৰ সমূহ সাংবাদিক, সংবাদকৰ্মী আৰু কৰ্মচাৰী শোকস্তব্ধ হৈ পৰিছে। লক্ষ্য বায়নৰ মৃত্যুত সাদিন- প্ৰতিদিন গোষ্ঠিৰ স্বত্বাধিকাৰী তথা 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱাই লক্ষ্য বায়নৰ দৰে প্ৰতিভাৱান সংবাদ কৰ্মীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে মাত্ৰ কিছুদিন নিজ মাতৃক হেৰুৱাইছিল লক্ষ্য বায়নে। মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত দুটি এমা-ডিমা সন্তানৰ সৈতে নিজ পত্নীক এৰি থৈ গৈছে।