লামডিঙত লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি

লামডিঙত লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
লামডিঙত লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, লামডিং: দেৱী দুৰ্গাৰ পূজাৰ পিছতেই ৰাজ্যজুৰি প্ৰস্তুতি চলিছে মা লখিমীক আদৰাৰ। নগৰ-চহৰ-গাওঁ সকলোৰে পথাৰ-ভঁৰাল শনিবাৰে দেৱী লক্ষ্মীৰ আৰাধনাৰে মুখৰিত হ'ব। কাইলৈ পূৰ্ণিমাৰ দিনাটোত সকলোৰে ঘৰে ঘৰে দেৱী লক্ষ্মীক পূজা অৰ্চনা কৰি সন্তুষ্ট কৰিবলৈ সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে ৰেল চহৰ লামডিঙতো দেখা পোৱা গৈছে পূজাৰ ব্যাপক প্ৰস্তুতি ৷

বজাৰত দেৱীৰ মূৰ্তি, ফটো ক্ৰয় কৰাৰ লগতে ফুল-ফল, মগু-বুট আল্পনা আদি কিনাত ব্যস্ত লামডিঙবাসী ৰাইজ। চিৰা-মুৰি-গুৰ বিভিন্ন প্ৰকাৰৰ লাৰুৰ কিনিবলৈ দোকান সমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। তাৰ সমন্তৰালৈ বৃদ্ধি পাইছে ফলৰ দামৰ লগতে মৃন্ময় প্ৰতিমাৰ দামো ৷

বিগত বৰ্ষৰ তুলনাত ব্যাপক হাৰত বৃদ্ধি হৈছে প্ৰতিমাৰ দাম৷ ফলমূলৰ বিপনীসমূহত ফলৰ দাম বৃদ্ধি পোৱাত সাধাৰণ ৰাইজে বজাৰ কৰিব আহিও সীমিত বজাৰতে থমকি ৰ'ব লগা হৈছে ৷

Also Read: সদৌ অসম ভিত্তিত প্রাইজমানি ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ আয়োজন

lakhmi puja