যুৱ সাংবাদিক সন্থা,অভিনৱ থিয়েটাৰৰ নাট্য সাহিত্য,অপেছাদাৰী নাটক-সাংবাদিকতা সন্দৰ্ভত আলোচনা চক্ৰ

লখিমপুৰৰ অগ্ৰণী নাট‍্য গোষ্ঠী অভিনৱ থিয়েটাৰৰ সৈতে নৰ্থ  লখিমপুৰ বিশ্ব বিদ‍্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত বিশ্ববিদ‍্যালয়ৰ প্ৰেক্ষাগৃহত মংগলবাৰে  বিয়লি ২ বজাৰ পৰা দুইঘন্টীয়া সময় ধৰি এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, লখিমপুৰঃ  অসম যুৱ সাংবাদিক সন্থাই চলিত বৰ্ষত যুৱ সাংবাদিকৰ উৎকৰ্ষ সাধন আৰু সাংবাদিকতাৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্য জুৰি ভিন্ন স্থানত সাংবাদিকতাৰ সংপৃক্ত বিভিন্ন বিষয়ত আলোচনা চক্ৰৰ  আয়োজন কৰি আহিছে।

লখিমপুৰৰ অগ্ৰণী নাট‍্য গোষ্ঠী অভিনৱ থিয়েটাৰৰ সৈতে নৰ্থ  লখিমপুৰ বিশ্ব বিদ‍্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত বিশ্ববিদ‍্যালয়ৰ প্ৰেক্ষাগৃহত মংগলবাৰে  বিয়লি ২ বজাৰ পৰা দুইঘন্টীয়া সময় ধৰি এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন হয়। 

“নাট‍্য সাহিত‍্যৰ বিকাশ আৰু অপেছাদাৰী নাটকৰ জাগৰণত সাংবাদিকৰ ভূমিকা” শীৰ্ষক এই আলোচনা চক্ৰত মুখ‍্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে আন্ত:ৰাষ্ট্ৰীয় নাট সমালোচক কলিকতাৰ ড০ আশিস কুমাৰ গোস্বামী আৰু বহুকেইজন নাটকৰ সাধক।

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক মুনমী দত্তই আঁত ধৰা  আলোচনা চক্ৰ খনি সঞ্চালনা কৰে যুৱ সাংবাদিক সন্থাৰ সভাপতি বুবুল হাজৰিকাই। আলোচনা চক্ৰৰ উদ্বোধন কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° স্বপ্নালী গগৈয়ে।

অভিনৱ থিয়েটাৰৰ সম্পাদক তথা ভাৰতীয় বোলছবি চেঞ্চৰ বৰ্ডৰ সদস্য ,সাংবাদিক দয়ালকৃষ্ণ নাথে আদৰণি জনোৱা আলোচনা চক্ৰত লখিমপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি কুমুদ বৰুৱা আৰু নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথৰ লগতে ইংৰাজী আৰু অসমীয়া সাহিত্যৰ ছাত্ৰছাত্ৰীৰ লগতে ভালেসংখ্যক নাট্য সংগঠক আৰু অনুৰাগীয়ে অংশগ্ৰহণ কৰে ৷

১৪ শ শতিকাৰ শংকৰদেৱৰ চিহ্ন যাত্ৰাৰ পৰা ১৬/১৭ শতিকাৰ শ্বেইকছপীয়েৰৰ নাটকৰ পৰা মাইকেল মধুসূদন দত্ত আৰু গিৰশ কনৰাৰ্ডৰ পৰা ৰটন থিয়াম আৰু গোৱালপৰাৰ বাদুংদুপ্পালৈকে নাটকৰ বিকাশ ,সাহিত্য আৰু সাংবাদিকতাৰ ওপৰত সুন্দৰ পৰ্যালোচনা কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট সমালোচক ড° আশিষ গোস্বামীয়ে।

লখিমপুৰ