/asomiyapratidin/media/media_files/2025/11/05/1-2025-11-05-21-14-09.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অসম গৌৰৱ সুধাকণ্ঠ তথা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী বুধবাৰে ঢকুৱাখনাত বৰ্ণিল উদযাপন কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত,ঢকুৱাখনা সমজিলা প্ৰশাসনৰ সহযোগত ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয় ভাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰা হয়।
ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক নাগৰিক , বিভিন্ন বিদ্যালয়ৰ মুৰববী , শিক্ষক শিক্ষাৰ্থী , জ্যেষ্ঠ নাগৰিক সমাজ, বিভিন্ন সামাজিক সংগঠনৰ নেতৃবৰ্গৰ উপৰিও ঢকুৱাখনাৰ সমজিলা আয়ুক্ত সংস্কৃতি চুমানি , সমজিলাৰ বিষয়াবৰ্গ , মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোঁহাইৰ লগতে বিধায়ক নৱ দলেও অনুষ্ঠানত উপস্থিত থাকে।
সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ দিনটোত সুধা কন্ঠক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাই ঢকুৱাখনা সমজিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে ভূপেন হাজৰিকাৰ যুগমীয়া গীত পৰিবেশন কৰাৰ লগতে সমবেত কণ্ঠত মানুহে মানুহৰ বাবে শীৰ্ষক গীত পৰিবেশন কৰি প্ৰয়াত সংগীত শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ঢকুৱাখনা জিলা অনুসূচীত জাতি পৰিষদৰ উদ্যোগটো সুধাকণ্ঠৰ মৃত্যু দিৱস পালন কৰা হয়। পৰিষদৰ কাৰ্যালয়ত সভাপতি ললিত কুমাৰ দাস ,সম্পাদক জীতেন দাসৰ লগতে গৰিষ্ঠ সংখ্যক কৰ্মকর্তা উপস্থিত থকা অনুষ্ঠানত ঢকুৱাখনাৰ দুগৰাকী জ্যেষ্ঠ সংগীত শিল্পীক সম্বৰ্ধনা জনোৱাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us