/asomiyapratidin/media/media_files/2025/10/18/1-2025-10-18-19-05-24.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ কাতি বিহুৰ দিনাই শোকৰ বন্যা প্ৰবাহিত হ'ল বৃহত্তৰ ঢকুৱাখনা সমজিলাৰ পশ্চিম মাছখোৱা অঞ্চলত। এগৰাকী নমস্য ব্যক্তিৰ আকস্মিক বিয়োগত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ।আমৃত্যু জ্ঞানৰ গৰিমা বিলাই বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চললৈ অতুল্য শৈক্ষিক অৱদান আগবঢ়াই যোৱা প্ৰবীণ শিক্ষাবিদ প্ৰদীপ বেজবৰুৱাৰ দেহাবসান ঘটিছে ।
কাতি বিহুৰ পুৱতি নিশা প্ৰায় ৪-১৩ বজাত সাপতিয়া গাঁওৰ নিজা বাসগৃহত বয়স্ক সমাজপ্ৰাণ নাগৰিক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত বেজবৰুৱাৰ বয়স হৈছিল প্ৰায় ৬৬ বছৰ । অঞ্চলটোৰ বিভিন্ন সামাজিক ধৰ্মীয় সংগঠনৰ সৈতে আমৃত্যু জড়িত বেজবৰুৱা বিগত কিছু দিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত আৰু পৰৱৰ্তী সময়ত নিজা গৃহত চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল ।
যোৱা নিশা অমায়িক বেজবৰুৱাৰ স্বাস্থ্যৰ অবনতি ঘটাৰ পাছত পুৱতি নিশা বৈকুণ্ঠ ধামলৈ গতি কৰে । সাপতীয়া মধ্য ইংৰাজী বিদ্যালয় ,সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, গন্ধীয়া লাইপুলীয়া মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ সেৱা আগবঢ়াই এগৰাকী সময় সচেতন আৰু সংবেদনশীল শিক্ষাগুৰু হিচাবে আত্ম পৰিচয় দাঙি ধৰি যোৱা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ বেজবৰুৱাই মৃত্যুৰ সময়ত পত্নীভাৰতী বেজ বৰুৱা ,পুত্ৰ ৰাজীৱ বেজবৰুৱা ,ৰাতুল বেজবৰুৱা সহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ গৈছে ।
সমাজপ্ৰাণ ব্যক্তি বেজবৰুৱাৰ বিয়োগত সাপতীয়া আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি গুনীন কোঁৱৰ, কাৰ্যকৰী সভাপতি সমুজ্জ্বল চেতিয়া, সম্পাদকদ্বয় হীৰা চমুৱা,ৰূপম ফুকন , সাপতীয়া শাখা সাহিত্য সভাৰ সভাপতি নৰেশ্বৰ বৰা, সম্পাদক প্ৰতিমা চেতিয়া , একালৰ কৰ্মথলী শিক্ষানুষ্ঠান সমূহৰ শিক্ষক শিক্ষাৰ্থী কৰ্মচাৰীকে প্ৰমুখ্য কৰি বিভিন্ন ব্যক্তি সংগঠনে শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।