/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-30/tldw7s7d/web 3.png)
ডিজিটেল সংবাদ,নাওবৈচাঃ ধিং আৰু তেজপুৰৰ পাছত নাওবৈচাৰ চিলনীবাৰী চাহ বাগিচাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। চাহ বাগিচাত এজন নৰাধমৰ কামনাৰ বলি হৈছিল এগৰাকী কিশোৰী। আজি ভুক্তভোগী কিশোৰীয়ে জন্ম দিয়ে এটি মৃত কন্যা সন্তান।
তথ্য অনুসৰি, আমান আলি নামৰ এজন লোকৰ কামনাক বলি হৈছিল ভুক্তভোগী কিশোৰী গৰাকী। প্ৰায় ৮মহীয়া মৃত সন্তান জন্ম হোৱাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে। উক্ত ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে চিলিনীবাৰী চাহ বাগিছা।
উক্ত ঘটনাৰ বিৰোধিতাৰে চিলনীবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ৷ ইফালে অভিযুক্ত আমান আলি পলাতক হৈ আছিল যদিও সম্ভেদ লাভ কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে ।
Also Read: মুখ্যমন্ত্ৰীৰ ঘোষণাঃ মন্ত্ৰী-বিধায়ক আৰু নিগম -নিকায়ৰ অধ্যক্ষসকলে নাপায় আগন্তুক দুমাহৰ দৰমহা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us