মা, এইবাৰ দুৰ্গা পূজাত তুমি ঘৰলৈ আহিবানে?

বর্তমান মোৰ ভাল, আশা কৰো ঈশ্বৰৰ কৃপাত তোমাৰো ভাল। আমাৰ চেপ্তেম্বৰ মাহত পৰীক্ষা আৰম্ভ হ'ব। মই পৰীক্ষাৰ বাবে ভালদৰে পঢ়া-শুনা কৰি আছো।

author-image
Asomiya Pratidin
New Update
চিঠি  main file

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজিৰ এই প্ৰতিযোগিতাত ঘিলামৰাৰ, ৮০৫ নং ঘিলামৰা টাউন এল পি স্কুলৰ ছাত্ৰী দেৱযানী গোহাইয়ে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....

                                                                                                                          মধ্যপ্রদেশ, ভূপাল

পৰম পূজনীয় মা,

প্রথমে মোৰ সেৱা গ্রহণ কৰিবা। বর্তমান মোৰ ভাল, আশা কৰো ঈশ্বৰৰ কৃপাত তোমাৰো ভাল। আমাৰ চেপ্তেম্বৰ মাহত পৰীক্ষা আৰম্ভ হ'ব। মই পৰীক্ষাৰ বাবে ভালদৰে পঢ়া-শুনা কৰি আছো।

আমাৰ পৰীক্ষাৰ পাছতেই দুর্গা পূজা আৰম্ভ হব। এইবাৰ পূজাত মা তুমি ঘৰলৈ আহিবানে? এইকেইদিন তোমালৈ বৰকৈ মনত পৰি আছে। পূজাৰ সময়ত তুমি ঘৰত থকা হ'লে একেলগে পূজা চালো হয়। বহুত ভাল লাগিল হেতেন।

পূজনীয় দেউতা আৰু দাদা বর্তমান ভালেই আছে। আশা কৰো তুমি নাহিলেও তাতেই কুশলে থাকা। খোৱা-লোৱা ভালদবে কৰিবা। সদায় নিজৰ যত্ন ল'বা। শেষত মোৰ সেৱা লবা।

 ইতি তোমাৰ মৰমৰ
        মাজনী

৮০৫ নং ঘিলামৰা টাউন এল পি স্কুল
ফোন- ৬০০৯৭৩৯০৪৯
দেউতা- গজেন গোহাই
ডাক- ঘিলামৰা
পিন- ৭৮৭০৫৩ (অসম)

ঘিলামৰা