ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ এখন প্ৰতিষ্ঠিত চকু চিকিৎসা কেন্দ্ৰ। নাম ঢকুৱাখনা নিউ ভিজন আই ক্লিনিক। ঢকুৱাখনা নগৰৰ মাজ মজিয়াত অবস্থিত এইখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানে প্ৰতিষ্ঠা কালৰে পৰাই গুণগত চকু চিকিৎসা সেৱা আগবঢ়াই আহিছে ৰোগাক্ৰান্তৰ মাজত।
এইখন চিকিৎসা কেন্দ্ৰৰ উদ্যোগত বুধবাৰে ঢকুৱাখনাৰ শিক্ষাৰ্থীসকলৰ মাজত চকু পৰীক্ষা আৰু চিকিৎসা সেৱা প্ৰদানৰ এটা বিনামূলীয়া শিবিৰ অনুষ্ঠিত কৰে। আই ভিজনৰ উদ্যোগত আমলখি ডাংধৰা গাঁওৰ সৰ্বোদয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এই বিনামূলীয়া চকু চিকিৎসা আৰু পৰীক্ষা শিবিৰ।
প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা ডিব্ৰুগড়ৰ বিশিষ্ট বিশেষজ্ঞ চকু চিকিৎসক ডাঃ কৌশিক গগৈয়ে বিদ্যালয়খনৰ ২৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ চকু পৰীক্ষা কৰে আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা বিনামূলীয়া ভাবে প্ৰদান কৰে। বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ সহযোগিতাত অনুষ্ঠিত শিবিৰত গৰিষ্ঠ সংখ্যক অভিভাৱককো চিকিৎসা সেৱা আগবঢ়াই।
এখন ব্যক্তিগত আই ক্লিনিকৰ এনে মহানুভৱী ধাৰাবাহিক পদক্ষেপক বিদ্যালয় পৰিয়াল আৰু অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিযে একেমুখে শলাগ লৈছে। আই ক্লিনিকৰ স্বত্বাধিকাৰী ডাঃ গগৈয়ে জনোৱা মতে চলিত মাহত ঢকুৱাখনাৰ আৰু ১৯ খন বিদ্যালয়ত এনে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰু সেৱা প্ৰদানকাৰী অনুষ্ঠিত কৰিব।
য'ত শিক্ষক, শিক্ষাৰ্থী,অভিভাৱক আৰু পৰিচালনা সমিতিৰ সকলো ব্যক্তিক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। কেৱল ধন উপাৰ্জনতে সীমাবদ্ধ নাথাকি ৰোগাক্ৰান্তক বিনামূলীয়া উন্নত চিকিৎসা সেৱা প্ৰদানেৰে উৎকৃষ্ট মানৱ সেৱা আগবঢ়োৱা আই ক্লিনিকৰ এনে জনহিতৈষী পদক্ষেপক ঢকুৱাখনাবাসীয়ে কৃতজ্ঞতা যাচিছে।