ঢকুৱাখনাত অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ...

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত খেৰকটা অঞ্চলৰ মদাৰগুৰি বালি গাঁওৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ এটা সুঁতিত উটি অহা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ei muhurtar khabar

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত খেৰকটা অঞ্চলৰ মদাৰগুৰি বালি গাঁওৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ এটা সুঁতিত উটি অহা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। বৃহস্পতি বাৰে পুৱা স্থানীয় ৰাইজে অৰ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰি ঢকুৱাখনা আৰক্ষীক অৱগত কৰে ।

Advertisment

সদৰ থানাৰ উপ পৰিদর্শক সিদ্ধাৰ্থ নাথ ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীৰ সহযোগত মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

জানিব পৰা মতে মৃতদেহতো প্ৰাতঃবয়স্ক মহিলাৰ । প্ৰায় উলংগ অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহতো বৰ্তমান চিনাক্ত হোৱা নাই । ঘটনাৰ সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত ইউ ডি গোচৰ ৰুজু কৰা হৈছে।

Also Read: আন্তঃৰাষ্ট্ৰীয় চিত্ৰশিল্পীৰ দ্বাৰা সম্বৰ্ধিত প্ৰতিদিন টাইমৰ গহপুৰৰ সাংবাদিক...

Assam police