ঢকুৱাখনাত কংগ্ৰেছৰ বৃহৎ যোগদান অনুষ্ঠান

জিলাখনৰ ৫টা বিধানসভা সমষ্টিৰ ৫শতাধিক ব্যক্তিয়ে পূৰ্বৰ দল ত্যাগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা:   অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাংগঠনিক বুনিয়াদ সবল কৰাৰ নিমিত্তে সোমবাৰে লখিমপুৰ জিলা কংগ্ৰেছলৈ দল মত নিৰ্বিশেষে ঢাপলি মেলিলে ৫ শতাধিকে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মৰ্মে  লখিমপুৰ জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ সহযোগত সোমবাৰে ঢকুৱাখনা ৰাজীৱ ভৱনত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

উক্ত সভাতে জিলাখনৰ ৫টা বিধানসভা সমষ্টিৰ ৫শতাধিক ব্যক্তিয়ে পূৰ্বৰ দল ত্যাগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে। এই সন্দৰ্ভত অনুষ্ঠিত জিলা ভিত্তিত যোগদান অনুষ্ঠানত সভাপতিত্ব কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গংগা জ্যোতি টায়েগামে ।

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সম্পাদক ৰাকেশ পেগুৱে উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক তথা লখিমপুৰ জিলা কংগ্ৰেছৰ তত্বাৱধায়ক  ৰাজ কুমাৰ নীল নেত্ৰ নেওগ , প্ৰক্ষেনজিৎ চৌধুৰী , অমিত গগৈ ,জিলা যোগদান কাৰ্যসূচী সমন্বয় সমিতিৰ অধ্যক্ষ তথা জিলা কংগ্ৰেছৰ উপ সভাপতি হেমন্ত গগৈ , জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ বাহাৰুল ইছলাম ,ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱা ,নব নিযুক্ত ব্লক সভাপতি প্ৰাঞ্জল চুতীয়া , ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়াকে প্ৰমুখ্য কৰি দলৰ বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ।

জনাকীৰ্ণ অনুষ্ঠানত জিলা কংগ্ৰেছৰ অন্তৰ্গত ঢকুৱাখনা , বিহপুৰীয়া ,নাওবৈছা , ৰঙানদী আৰু লখিমপুৰ বিধানসভা সমষ্টিৰ মুঠ ৫৪৩ গৰাকী  অগপ ,গনশক্তি, বিজেপি আদি ভিন্ন দলৰ নেতা কৰ্মীৰে লগতে প্ৰাক্তন 'আছু' কৰ্মীয়েও আজিৰ এই যোগদান কাৰ্যসূচীত স্বেচ্ছাই উপস্থিত থাকি কংগ্ৰেছ দলৰ সদস্য পদ গ্ৰহণ কৰে ।

জিলা কংগ্ৰেছৰ সংবাদ মাধ্যম কোষৰ অধ্যক্ষ সীমান্ত নাথে  সংবাদ মাধ্যমক জনোৱা মতে গেৰুৱা দলৰ অপশাসন আৰু স্বেচ্ছাচাৰীতা ,  অসম গণ পৰিষদ , সন্মিলিত গণ শক্তি অসম , অসম জাতীয় পৰিষদ আদি আঞ্চলিক দলৰো সুবিধাবাদী ৰাজনৈতিক চৰিত্ৰত ক্ষুব্ধ হৈ ৫৪৩ গৰাকী দলীয় নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে । 

প্ৰাথমিক ভাবে জিলাখনৰ নবাগত ৫ শতাধিক নেতা কৰ্মীক জিলা কংগ্ৰেছ দলৰ তৰফৰ পৰা দলীয় গল বস্ত্ৰ আৰু টুপীৰে জাতীয় কংগ্ৰেছৰ মজিয়ালৈ উষ্ণ আদৰণি জনায়। এই সন্দৰ্ভত আয়োজিত সভাত বক্তব্য আগবঢ়াই জিলা তত্বাৱধায়ক প্ৰসেনজিৎ চৌধুৰী , নীল নেত্ৰ নেওগ , অমিত গগৈ আদিয়ে শাসনৰ নামত শোষণ নিষ্পেশন কৰি জনতাৰ জীৱন ভৱিষ্যত বিপদাপন্ন কৰি তোলা গেৰুৱা চৰকাৰক অনাগত বিধানসভা নিৰ্বাচনত উৎখাট কৰি গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্য চৰকাৰ গঠনৰ বাবে ৰাইজে মন বান্ধিছে বুলি কয় ।

সভাত চাউলধুৱাৰ প্ৰবীণ গেৰুৱা কৰ্মী নবাগত কংগ্ৰেছী অকন বৰাই গেৰুৱা দলটোক দালালৰ দল বুলি ৰাজহুৱাকৈ আখ্যা দি এই দলত থাকিও ভোগ কৰি অহা নিৰ্মম যন্ত্ৰণা ব্যক্ত কৰে ।

ঢকুৱাখনা