লালুক মহাবিদ্যালয়ত বাল্য বিবাহ ৰোধ শীৰ্ষক এক সজাগতা সভা

সজাগতা সভাৰ লগতে মহাবিদ্যাশলয়খনত এটা আইনী সাক্ষৰতা ক্লাবো উদ্বোধন কৰা হয়। মহাবিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ক্লাৱটো উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ‍ লক্ষীনন্দন নাথে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,লখিমপুৰঃ আজি লখিমপুৰ জিলা আইনী সেৱা প্ৰাধিকৰণে জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰ জিলাৰ লালুক মহাবিদ্যালয়ত বাল্য বিবাহ ৰোধ শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰে।

সভাখনত লগতে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, মানোন্যায়ৰ বাবে আইনী সেৱা গোট, শিশুৰ বাবে আইন সেৱা কোষ, মাদকদ্ৰৱ্য আৰু নিচাযুক্ত পদাৰ্থ আইন, ১৯৮৫, ডাইনী হত্যা ৰোধ, চাইবাৰ অপৰাধ আদি বিভিন্ন দিশৰ বিষয়েও আলোচনা কৰা হয়। 

সজাগতা সভাৰ লগতে মহাবিদ্যাশলয়খনত এটা আইনী সাক্ষৰতা ক্লাবো উদ্বোধন কৰা হয়। মহাবিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ক্লাৱটো উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ‍ লক্ষীনন্দন নাথে।

 এই ক্লাৱ উদ্বোধনৰ উদ্দেশ্যো হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আইন সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা। মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক বিশ্বজ্যোতি বৰপাত্ৰ, আব্দুল মন্নান, তৰুণ চাংমাই আৰু প্ৰনৱ বৰুৱাক এই আইনী সাক্ষৰতা ক্লাৱৰ কাম সুচাৰুৰূপে চলাই নিবলৈ দায়িত্ব অৰ্পন কৰা হয়।
 
সভাত জিলা আইনী সেৱা প্ৰাধিকৰণৰ সভাপতি প্ৰসেনজিৎ দাস, শিশু সুৰক্ষা বিষয়া দিনেশ চন্দ্ৰ নাথ, আইনী পৰীক্ষামূলক বিষয়া ঝান্তি বৰা, উপ-আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা সুৰেন বৰা, বেচৰকাৰী সংস্থা(এনজিঅ’) অসম গ্ৰাম্য উন্নয়ন কেন্দ্ৰৰ সদস্যা অনন্যা শৰ্মা, শিশু অধিকাৰ আৰু হেল্পলাইন-১০৯৮ ৰ সমন্বয়ক শ্যামলীমা হাজৰিকা উপস্থিত থাকি সহযোগিতা আগবঢ়াই।

লগতে মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ সকলো সদস্য, জিলা আইনী সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা  হৰেন দত্ত, সুমন্ত দাস উপস্থিত থাকে।

বাল্য বিবাহ সজাগতা সভা