পানীন্দ্ৰ বিদ্যালয়ত বাল‍্য বিবাহ ৰোধ শীৰ্ষক এক সজাগতা সভা

সজাগতা সভাৰ লগতে বিদ‍্যালয়খনত এটা আইনী সাক্ষৰতা ক্লাবো উদ্বোধন কৰা হয়। বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ক্লাৱটো উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ উপেন গগৈয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,লখিমপুৰঃ   আজি লখিমপুৰ জিলা আইনী সেৱা প্ৰাধিকৰণে জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰ পানীন্দ্ৰ বিদ্যালয়ত বাল‍্য বিবাহ ৰোধ শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত লগতে লিংগ বৈষম‍্য, শিক্ষাৰ বিভিন্ন দিশো সামৰি লয়। 

সজাগতা সভাৰ লগতে বিদ‍্যালয়খনত এটা আইনী সাক্ষৰতা ক্লাবো উদ্বোধন কৰা হয়। বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ক্লাৱটো উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ উপেন গগৈয়ে।  এই ক্লাৱ উদ্বোধনৰ উদ্দেশ‍্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আইন সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা।

সভাত জিলা আইনী সেৱা প্ৰাধিকৰণৰ সভাপতি প্ৰসেনজিৎ দাস, শিশু সুৰক্ষা বিষয়া প্লাবিতা দাস, আইনী পৰীক্ষামূলক বিষয়া ঝান্তি বৰা, উপ-আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা সুৰেন বৰা উপস্থিত থাকে। লগতে উপস্থিত থাকে জিলা আইনী সেৱা প্ৰাধিকৰণৰ অন্যান্য কৰ্মকৰ্তা অশোক বুঢ়াগোহাই, চৈয়ব আহমেদ, হৰেন দত্ত, দিন পায়েং, দিক্ষিতা শইকীয়া।

সজাগতা সভা