বিহপুৰীয়াৰ পৌৰপতিৰ বিৰুদ্ধে ৬ বিজেপি ৱাৰ্ড কমিচনাৰৰ অনাস্থা প্ৰস্তাৱ দাখিলৰ প্ৰস্তুতি

বিহপুৰীয়াৰ পৌৰপতিৰ বিৰুদ্ধে ৬ বিজেপি ৱাৰ্ড কমিচনাৰৰ অনাস্থা প্ৰস্তাৱ দাখিলৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াৰ পৌৰপতিৰ বিৰুদ্ধে ৬ বিজেপি ৱাৰ্ড কমিচনাৰৰ অনাস্থা প্ৰস্তাৱ দাখিলৰ প্ৰস্তুতি

বিহপুৰীয়াৰ পৌৰপতিৰ বিৰুদ্ধে ৬ বিজেপি ৱাৰ্ড কমিচনাৰৰ অনাস্থা প্ৰস্তাৱ দাখিলৰ প্ৰস্তুতি

ডিজিটেল সংবাদ বিহপুৰীয়া: বিজেপি নেতৃত্বাধীন বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দীপশিখা বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিলৰ কুচকাৱাজ আৰম্ভ কৰিছে পৌৰসভাখনৰ উপ-সভানেত্ৰী প্ৰমুখ্যে ছয় গৰাকী বিজেপি ৱাৰ্ড কমিচনাৰে। পৌৰপতি দীপশিখা বৰাই চৰম একনায়কত্ববাদী মনোভাৱেৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিয়েই এই অনাস্থা প্ৰস্তাৱ দাখিলৰ প্ৰস্তুতি চলাইছে ছয় গৰাকী ৱাৰ্ড কমিচনাৰে ৷

Advertisment

ইতিমধ্যে পৌৰপতিৰ কামকাজত ক্ষোভিত উপ-সভানেত্ৰী প্ৰমুখ্যে ৱাৰ্ড কমিচনাৰ কেইগৰাকীয়ে ২৫ জুনত পৌৰপতি দীপশিখা বৰাৰ দুৰ্নীতিৰ তথ্যসহ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বেই এইকেইগৰাকী বিদ্ৰোহী ৱাৰ্ড কমিচনাৰে বিভাগীয় নীতি অনুসৰিয়েই পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিলৰ প্ৰস্তুতি চলাইছিল যদিও দলীয় নেতৃত্বই এই কাণ্ডই লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি ৱাৰ্ড কমিচনাৰ কেইগৰাকীক অনাস্থা প্ৰস্তাৱ দাখিলত বাধা প্ৰদান কৰাৰ লগতে নিৰ্বাচন হৈ যোৱাৰ পাছতেই পৌৰপতিক অপসাৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

নিৰ্বাচন হৈ বৰ্তমান বিজেপি দলৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতো বিজেপিৰ ৰাজ্যিক নেতৃত্বই দুৰ্নীতিগ্ৰস্ত পৌৰপতিগৰাকীক অপসাৰণ নকৰাত পুনৰ সৰৱ হৈ পৰিছে বিদ্ৰোহী ৱাৰ্ড কমিচনাৰ কেইগৰাকী। দলীয় নেতৃত্বই শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা নললে বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিব তেওঁলোকে ৷

উল্লেখযোগ্য যে ৯ গৰাকী বিজেপিৰ আৰু এগৰাকী অগপৰ ৱাৰ্ড কমিচনাৰ থকা বিহপুৰীয়া পৌৰসভাৰ ছয় গৰাকী দলীয় ৱাৰ্ড কমিচনাৰেই পৌৰপতিৰ বিৰুদ্ধে সৰৱ হৈ পৰাত পৌৰপতিৰ চকী যোৱাতো প্ৰায় নিশ্চিত হৈছে ৷ সম্প্ৰতি ইয়াকে বিহপুৰীয়াৰ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে ৷

Also Read: ৭ জুলাইত শুভাৰম্ভ হ'ব সদৌ অসম মইনা পাৰিজাতৰ হীৰকজয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী...

বিজেপি বিহপুৰীয়া