/asomiyapratidin/media/media_files/2025/11/20/1-2025-11-20-17-55-29.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: সম অধিকাৰ, সম মৰ্যদা আৰু সম উন্নয়ণক মূল লক্ষ্য উদ্দেশ্য কৰি ২০০৫ চনৰ ২০নৱেম্বৰত আত্মপ্ৰকাশ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ। আঞ্চলিক ৰাজনৈতিক শক্তিৰে সংবিধান প্ৰদত্ত নাৰ্য অধিকাৰ সাব্যস্ত কৰাৰ অংগীকাৰেৰে আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰা এই সন্মিলিত গণশক্তি অসম দলৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ঢকুৱাখনা খণ্ড শক্তিত আড়ম্বৰপূৰ্ণ ভাবে উদযাপন কৰা হয়।
দলটোৰ ঢকুৱাখনা খণ্ড শক্তিৰ অন্তৰ্গত ৬টা শাখা শক্তি ক্ৰমে, পূৱ ঢকুৱাখনা, মাতমৰা,খেৰকটা,ডিমৰুগুৰি,দাংধৰা আৰু সোণাৰী চাপৰিত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত সফল উদযাপন কৰা হয়। প্ৰতিটো সমষ্টিৰ প্ৰতিখন গাঁওৰ প্ৰতি গৰাকী নাগৰিকৰ সম অধিকাৰ লাভেৰে সম মৰ্যাদা সম্পন্ন জীৱন প্ৰণালীৰে সম উন্নয়ন কৰাটো গনশক্তি দলৰ মূল উপজীৱ্য হিচাবেলৈ বিগত দুটা দশক জোৰা ৰাজনৈতিক পৰিক্ৰমাত সবল সাংগঠনিক ভেঁটি গঢ়িবলৈ সক্ষম হৈছে দলটো ।
"জনগণৰ শক্তিয়ে গনশক্তি দলৰ প্ৰধান শক্তি" শীৰ্ষক বাণীৰে আজিৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসত পূৱ ঢকুৱাখনা শাখা শক্তি আৰু মাতমৰা শাখা শক্তিত কেন্দ্ৰীয় পৰ্যৱেশক হিচাবে উপস্থিত থাকি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে বক্তব্য ৰাখি এই মন্তব্য কৰে ।
তাৰোপৰি ঢকুৱাখনা খণ্ড শক্তিৰ অন্তৰ্গত খেৰকটা শাখা শক্তিত দলৰ কেন্দ্ৰীয় সম্পাদক ইন্দ্ৰকুমাৰ চুংক্ৰাংয়ে, ডিমৰুগুৰি শাখা শক্তিত জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সদস্য গজেন দলেয়ে, দাংধৰা শাখা শক্তিত জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় নেতা ক্ষীৰোদ পেগু আৰু ঢকুৱাখনা জিলা শক্তিৰ সভাপতি নৰনাথ চন্দিয়ে ,সোণাৰী চাপৰি আৰু পশ্চিম ঢকুৱাখনাত দলৰ ঢকুৱাখনা খণ্ড শক্তিৰ সভাপতি চন্দ্ৰ সেনাপতি, উপদেষ্টা মুকুন্দ বৰুৱাই অংশগ্ৰহণ কৰি দলৰ বুনিয়াদ মজবুত কৰাৰ লগতে আঞ্চলিক দলটোৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা সন্দৰ্ভত অবলোকণ কৰে ।
ভৱিষ্যতৰ দিনবোৰত জনতাৰ ঐক্যবদ্ধ শক্তিৰে এখন প্ৰগতিশীল , উন্নয়ণমুখী , স্বাৱলম্বী ,সংস্কাৰী আৰু পৰিশুদ্ধ শৃংখলিত সমাজ গঢ় দিয়াৰ বাবে দলটোৱে আত্মোৎসৰ্গা কৰি যোৱাৰ সংকল্প দোহাৰে কেন্দ্ৰীয় পৰ্যৱেশক আৰু ঢকুৱাখনা খণ্ড শক্তিৰ প্ৰেৰিত সকলো পৰ্যৱেশকে ।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সমূহত ঢকুৱাখনা খণ্ড গণশক্তিৰ প্ৰশাসনিক সম্পাদক ঘন কুলি ,ঢকুৱাখনা খণ্ড নাৰী শক্তিৰ সভানেত্ৰী পুনিমলা পাতিৰ ,সম্পাদিকা জ্যোতিকা দলে , এম এ চিৰ সাধাৰণ সদস্য বিউটি পেগু , আঞ্চলিক পঞ্চায়ত সদস্য অমৃত দলে , জিলা সমিতিৰ সম্পাদক দ্বীপেন দলে , জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতা যতীন পেগু , টি এম পি কেৰ ঢকুৱাখনা জিলা সভাপতি সঞ্জীৱ দলে , সম্পাদক অমৰজিত দলে ,নাৰী শক্তিৰ কেন্দ্ৰীয় সদস্যা জোনাক দলে , অপৰ্ণা পাতিৰ , দলৰ নেতা লক্ষনাথ দলে , বিজু কুমাৰ দলে , পুতুল দলে ,বিমলা দলে , ব্ৰজেন পেগু , মনেশ্বৰ দলে , নব কুমাৰ লয়িং , উমেশ পেগু , বানে কৌবাংৰ পূব ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি পৰীক্ষিত মিলি আদিয়ে অংশগ্ৰহণ কৰি দলৰ প্ৰতি গভীৰ আনুগত্যশীলতা প্ৰকাশ কৰে । ঢকুৱাখনা খণ্ড শক্তিৰ সম্পাদক ঘন কুলিয়ে দলৰ প্ৰতিষ্ঠা দিৱসটো সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো পৰ্যবেক্ষকৰ লগতে দলীয় কৰ্মকর্তা আৰু জাতীয় সংগঠনৰ শলাগ লয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us