লখিমপুৰ প্ৰেছ ক্লাৱত যুৱ-ছাত্ৰ পৰিষদৰ সংবাদমেল…

লখিমপুৰ প্ৰেছ ক্লাৱত যুৱ-ছাত্ৰ পৰিষদৰ সংবাদমেল…

author-image
asomiyapratidin
New Update
লখিমপুৰ প্ৰেছ ক্লাৱত যুৱ-ছাত্ৰ পৰিষদৰ সংবাদমেল…

ডিজিটেল সংবাদ, লখিমপুৰঃ বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা লখিমপুৰ প্ৰেছ ক্লাবত এখনি সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদ মেলত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই, কেন্দ্ৰীয় উপদেষ্টা পুলক বৰা, ৰঞ্জিত চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সৌৰভ দাস আৰু ধেমাজি লখিমপুৰ জিলাৰ সভাপতি সাধাৰণ সম্পাদক উপস্থিত থাকে। সংবাদমেল সম্বোধন কৰি পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদক দ্বয়ে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী প্ৰতিষ্ঠান এনএইচপিচিৰ বিৰুদ্ধে কৰা অহিংস গণতান্ত্ৰিক আন্দোলনক চৰকাৰে আজ্ঞাবাহী অসম পুলিচৰ দ্বাৰা বল প্ৰয়োগ কৰি নিৰ্যাতন চলাই মষিমূৰ কৰা কাৰ্য্যক তীব্ৰ গৰিহণা দিয়ে ।

Advertisment

কোভিড প্ৰট'ক'ল দোহাই দি যিখন চৰকাৰে ৰাইজৰ অহিংস গণতান্ত্ৰিক আন্দোলনক প্ৰতিহত কৰে একেখন চৰকাৰে হাজাৰ হাজাৰ মানুহ গোট খোৱাই বিভিন্ন সভা সমাবেশ আয়োজন কৰাৰ লগতে শেহতীয়া ভাৱে নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া আড়ম্বৰ পূৰ্ণ জন্ম দিন পাতে। চৰকাৰৰ এনে বৈষম্যমূলক নীতি অতি লজ্জাজনক। সংবাদমেলত পৰিষদৰ নেতাদ্বয়ে কয় যে- চৰকাৰে যিমানেই শক্তি প্ৰয়োগ কৰি পৰিষদৰ এনএইচপিচিৰ বিৰুদ্ধে কৰা আন্দোলন প্ৰতিহত কৰাৰ প্ৰয়াস নকৰক কিয় যুৱ-ছাত্ৰ পৰিষদে এনএইচপিচিৰ বিৰুদ্ধে কৰা আন্দোলনৰ পৰা পিছ হুহুকি নাযায়। যুৱ-ছাত্ৰ পৰিষদে নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা প্ৰভাৱিত হ'ব পৰা নামনিৰ ৯৬৫ খন গাৱঁৰ ৰাইজ মাজলৈ নদীবান্ধ বিৰোধী আন্দোলনখনি লৈ যাব। 965 গাঁৱৰ ৰাইজৰ সৈতে মতবিনিময় কৰি সংশ্লিষ্ট গাঁও সমূহৰ ৰাইজক লৈ "নদী বান্ধ বিৰোধী সংগ্ৰাম সমিতি" গঠন কৰা হ'ব।

পৰবৰ্তী সময়ত কোভিড এছঅ'পি শেষ হ'লে ১ লাখ মানুহক লৈ এনএইচপিচি অৱৰোধ কাৰ্য্যসূচী কৰা হ'ব। অন্যহাতে পৰিষদৰ নেতাদ্বয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰ খনে নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ত অদ্যপি মৌনতা অৱলম্বন কৰিছে | এয়া অত্যন্ত দুৰ্ভাগ্যজনক | উত্তৰ অসমৰ বিশেষকৈ ধেমাজী, লখিমপুৰ আৰু মাজুলী জিলাৰ নদীপৰীয়া ৰাইজৰ প্ৰতি যদি চৰকাৰ খনৰ তিলমানো দায়বদ্ধতা আছে তেনেহলে ধেমাজিত অনুষ্ঠিত হব লগা অসম চৰকাৰৰ আগন্তক কেবিনেট বৈঠকত নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিষয়টো আলোচনা কৰিব লাগে বুলি নেতাদ্বয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে |

ইফালে, মঙলবাৰে চৰকাৰে গোগামুখত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এনএইচপিচিৰ বিৰুদ্ধে গ্ৰহণ কৰা সৰ্বাত্মক অৱৰোধ কাৰ্য্যসূচী আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাই , বল প্ৰয়োগ কৰি বন্ধ কৰি দিয়া আৰু নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত যুৱ-ছাত্ৰ পৰিষদে অহা কালিলৈ অৰ্থাৎ ২৩ ছেপ্তেম্বৰ, ২০২১ তাৰিখে ৰাজ্যজুৰি মহকুমা আৰু জিলাৰ সদৰত ধৰ্ণা কাৰ্য্যসূচী ঘোষণা কৰিছে | নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অনতিবিলম্বে পুনৰ কেতবোৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ'ব আৰু অচিৰেই এই সন্দৰ্ভত অৱগত কৰা হ'ব বুলি সংবাদমেলত নেতাদ্বয়ে জানিবলৈ দিয়ে।