/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/gggg-xxxxxxxxxxxxxxxxxx-docait-batadrawa-sss-college.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: বৃহত্তৰ লখিমপুৰ জিলাৰ সংবাদসেৱী সকলৰ প্ৰতিনিধিত্বকাৰী উমৈহতীয়া সংগঠন লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ এখন সাধাৰণ সভা দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। সংস্থাৰ কাৰ্যকৰী সভাপতি কুমুদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মনোজ বৰপাত্ৰ গোঁহাইয়ে। জিলা সংস্থাৰ অন্তৰ্গত ঢলপূৰ, নাৰায়নপুৰ, লালুক, বিহপুৰীয়া, বান্দৰদেৱা, নৰ্থ লখিমপুৰ, বগীনদী, ঘিলামৰা, ঢকুৱাখনা প্ৰেছ ক্লাব ,গিল্ডৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু কৰ্মকর্তাই অংশগ্ৰহণ কৰা সভাত কোৰোনাকালীন জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা সংস্থাই জনমুখী কৰ্মসূচী গ্ৰহনত অবাঞ্চিত প্ৰতিবন্ধকতা আহি পৰা বুলি সভাত সাধাৰণ সম্পাদক মনোজ বৰপাত্ৰ গোঁহাইয়ে উদেশো ব্যাখ্যাত বক্তব্য ৰাখি অনাগত সময়ত সংস্থাৰ কৰ্মপন্থা সন্দৰ্ভত সদনৰ পৰা দিহা পৰামর্শ কামনা কৰে ।
সভাত জিলা সংস্থাৰ অন্তৰ্গত বহু সংখ্যক কৰ্মকৰ্তাই জিলা সংস্থাৰ সাংগঠনিক দিশত পৰামৰ্শ মূলক বক্তব্য আগবঢ়াই সমান্তৰাল ভাবে আগন্তুক সময়ত সংস্থাৰ সামাজিক দায়বদ্ধতা আৰু জনমুখী কৰ্ম আঁচনি সম্পৰ্কত ইতিবাচক আলোচনা আৰু দিহা পৰামৰ্শ আগবঢ়াই। সাধাৰণ সভাই ইতিমধ্যে কাৰ্যকাল সামৰণি পৰা জিলা সংস্থাৰ কাৰ্যকাল অহা ২০২২ বর্ষৰ মাৰ্চ মাহ পৰ্যন্ত বৃদ্ধি কৰাৰ সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহণ কৰি ২০২২ বৰ্ষৰ মাৰ্চ মাহত জিলা সংস্থাৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জিলা সংস্থাৰ মধ্য খণ্ডৰ অন্তৰ্গত বান্দৰদেৱা প্ৰেছ ক্লাৱৰ আমন্ত্ৰণ ক্ৰমে বান্দৰদেৱা প্ৰেছ ক্লাৱৰ অতিথ্যত আগত মাৰ্চ মাহত বান্দৰদেৱাত এই পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি সভাতে অসম বার্তাজীৱী সংঘৰ লিডু অধিবেশন আৰু সংঘৰ ৰাজ্যিক সাধাৰণ নিৰ্বাচন সন্দৰ্ভত গঠন মূলক আলোচনা কৰি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্বসন্মত ভাবে গ্ৰহণ কৰা হয়।