
ডিজিটেল সংবাদ, লখিমপুৰঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ তীব্র বিৰোধিতাৰে মঙলবাৰে সন্ধিয়া লখিমপুৰত তিনিটাকৈ মিচিং জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। শেহতীয়াকৈ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সেউজ সংকেতৰ পাছতে উত্তৰ অসমৰ জনগণ, সংস্থা-সংগঠনৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে।
এন এইচ পি চি'ক উক্ত প্ৰকল্পটো কোনোপধ্যেই নিৰ্মাণ কৰিবলৈ নিদিয়াৰ পণ লৈছে সংগঠনসমূহৰ ঐক্য মঞ্চই। মঙলবাৰে সন্ধিয়া তিনিটাকৈ মিচিং জাতীয় সংগঠন ক্ৰমে টিএমপিকে, এমএমকে আৰু টিএমএমকেয়ে জিলাখনৰ ৰঙানদীৰ দলঙৰ সমীপত (পহুমৰা) জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।
সংগঠনকেইটাৰ আহ্বানত ওলাই অহা সহস্ৰাধিক জনতাই বৃহৎ নদীবান্ধ নিৰ্মাণ হ'বলগা নদীসমূহৰ নামনি অংশত বসবাস কৰা লোকৰ জীৱন, সম্পত্তি আৰু জৈৱ বৈচিত্ৰ্য পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা নকৰা পৰ্য্যন্ত বন্ধ ৰখা আৰু ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নামনি অংশত পৰা কুপ্ৰভাৱ দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়।
উল্লেখযোগ্য যে, মাত্ৰ ৪০৫ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত লক্ষাধিক।জনতাৰ বিস্তৰ ক্ষতিসাধন কৰাৰ বিভীষিকা পাহৰিব নোৱাৰা ভুক্তভোগীসকলে মঙলবাৰে যিকোনো প্ৰকাৰে এই জলবোমা নিৰ্মাণ কৰিবলৈ নিদিয়াৰ সংকল্প লয়।
প্ৰতিবাদকাৰী ৰাইজে অসম চৰকাৰ হুচিয়াৰ, এন এইচ পি চি গ' বেক, দুতলীয়া বিজেপি চৰকাৰ হায় হায়, মিছলীয়া কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতাৰণা নচলিব আদি শ্ল'গানেৰে ৰঙানদীৰ পাৰৰ আকাশ বতাহ কঁপাই তোলে।
মন কৰিবলগীয়া যে, সন্মিলিত গণশক্তি অসম দলৰ ৰঙানদী মিচিং স্বায়ত্ব শাসিত পৰিষদ সমষ্টিৰ সদস্য তথ পৰিষদৰ কৃষি আৰু পশুপালন বিভাগৰ কাৰ্যবাহী পাৰিষদ দেবৰঞ্জন মৰাঙে প্ৰতিবাদী কাৰ্যসূচীত সন্মুখৰ পৰাই নেতৃত্ব দি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক সমালোচনা কৰে।