/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/LAKHIMPUR-MAN-DEAD-BODY-NOT-YET-RECOVERED.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ অৰুণাচল প্ৰদেশৰ পাছা ভেলীত যোৱা ৭ জুলাইত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হোৱা লখিমপুৰ নাওবৈচাৰ ঘনকান্ত নেওগ নামৰ লোকজনৰ মৃতদেহ আজি পৰ্যন্ত উদ্ধাৰ কৰিব নোৱাৰিলে উদ্ধাৰকাৰী দলে। ৰাজ্যখনৰ পূব কামেং জিলাৰ চেপাৰ পৰা পাপুমপাৰে জিলাৰ ছাগালীলৈ বুলি আহি থকাৰ সময়তে নেওগ আৰু তেওঁৰ পুত্ৰসহ মুঠ পাঁচজন লোক যাত্ৰী হিচাপে থকা নিচান মাইক্ৰা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা এশ ফুট তলৰ পাছা নদীত পৰেগৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/d700450a-7316-419d-b4ab-b16ccee2f9a3.jpg)
গাড়ীখনৰ আনগৰাকী যাত্ৰী নেওগৰ পুত্ৰ প্ৰশান্ত নেওগৰ শিক্ষাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ যোৱা পাঁচজন আৰোহীৰে দুৰ্ঘটনাটোত মৃত্যু ঘটিছিল যদিও প্ৰশান্তসহ তিনিজনৰ মৃতদেহ এন ডি আৰ এফে পিছদিনাই উদ্ধাৰ কৰাৰ বিপৰীতে বাকীসকলৰ মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিলে। ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চাকৰিয়াল ঘনকান্ত নেওগৰ মৃতদেহ সোমবাৰৰ লৈকে আঠদিনে উদ্ধাৰ নোহোৱাত তেওঁৰ লখিমপুৰ নাওবৈচাৰ পেৰাভাৰী গাঁৱৰ আত্মীয়ই ধানখেৰৰ শৱদেহ সাজি ধৰ্মীয় ৰীতিৰে সৎকাৰ কৰে। নাওবৈচাস্থিত পৰিয়ালৰ আত্মীয় সকলৰ মাজত ব্যাপক শোকৰ ছাঁ পৰিছে।