লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ অভিনৱ পদক্ষেপ…

লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ অভিনৱ পদক্ষেপ…

ডিজিটেল সংবাদ, লখিমপুৰঃ লকডাউনৰ ফলত ৰাজ্যত ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৰবি খেতি কৰা কৃষকসকল৷ নিজৰ উৎপাদিত ফচল লকডাউনৰ বাবে বিক্ৰী কৰিব নোৱাৰি পথাৰতে গেলি পচি যোৱাত পুতি পেলাবলগীয়া হৈছে৷ সম্প্ৰতি বাৰিষা সমাগত৷ শালি খেতিত হাত দিছে কৃষকে৷ শালি খেতিৰ ওপৰতে লক্ষ লক্ষ কৃষকৰ ভৰসা৷ পিছে বানপানী হ'লে সেই আশাত চেঁচাপানী পৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে৷ ৰাজ্যত লকডাউনৰ বাবে উন্মুক্ত অৱস্থাত মেৰামতিৰ নোহোৱাকৈয়ে থাকিল বহু ভগ্ন মথাউৰি৷ যি সমূহ মথাউৰিয়ে কৃষকলৈ বিপদ মাতিব পাৰে ৷বানপানীয়ে শালি খেতি নষ্ট কৰাৰ আশংকাত ত্ৰস্তমান বহু কৃষক৷

লক্ষণীয় ভাৱে, কৃষকক এই দুঃচিন্তাৰ পৰা মুক্ত কৰাৰ প্ৰয়াস কৰিছে ৰাজ্যৰ দুগৰাকী কৃষি বিজ্ঞানীয়ে ৷ অসম কৃষি বিশ্ব বিদ্যালয়ৰ অধীনৰ লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ গৱেষণাৰ ফচল বান বিজয়ী ধানৰ উদ্ভাৱন কৰি বান প্ৰীড়িত কৃষকৰ বাবে আগবঢ়াইছে এই দুই বিজ্ঞানীয়ে৷ গৱেষণা কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড° প্ৰৱাল শইকীয়া আৰু জ্যেষ্ঠ বিজ্ঞানী ড° ধীৰেন চৌধুৰীয়ে গৱেষণাৰ অন্তত বান বিধ্বস্ত কৃষকৰ বাবে আগবঢ়াই দিছে ৰঞ্জিত চাব ১, বাহাদুৰ চাব ১, স্বৰ্ণ চাব ১ ৰ দৰে বান বিজয়ী ধানৰ জাত ৷

উল্লেখ্য যে, বিগত প্ৰায় দুটা বছৰৰ গৱেষণাৰ অন্তত এই কেইবিধ ধানৰ জাত উদ্ভাৱন কৰা হৈছে৷ বিজ্ঞানী দুগৰাকীৰ মতে এই জাতৰ ধান ১৫ৰ পৰা ১৮ দিন পৰ্যন্ত বানপানীৰ তলত থাকিব পাৰে৷ পানী শুকাই যোৱাৰ লগে লগে পুনৰ ঠন ধৰি উঠিব ধানৰ গছ৷ ফলত বান পানী হলেও কৃষকৰ কোনো ধৰণৰ ক্ষতি নহ'ব৷ ইতিমধ্যে এই ধানৰ কৃষি পদ্ধতিও যুগুতাইছে বিজ্ঞানী দুগৰাকীয়ে৷

থুৰতে উল্লেখ কৰিব পাৰি যে, ৰঞ্জিত চাব ওৱান, বাহাদুৰ চাব ওৱান, পদ্মনাথ, পানীন্দ্ৰ আদি ধানৰ জাত অধিক উৎপাদনক্ষম৷ থলুৱা বাও ধানৰ লগত জিনীয় সংক্ৰমণ ঘটাই এই জাতৰ ধান উদ্ভাবন কৰা হৈছে৷ ফলত উৎপাদন বৃদ্ধি আৰু বানপানী বিজয়ী এই দুয়োটা চৰিত্ৰ বহন কৰে এই ধানে ৷ ইতিমধ্যে পৰীক্ষামূলকভাৱে খেতি কৰি ৭০০ কুইন্টল এই জাতৰ ধানৰ বীজ মজুত কৰিছে লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই ৷

এই ধান লখিমপুৰ ,মাজুলী ,ধেমাজিৰ দৰে বান বিধ্বস্ত অঞ্চলৰ কৃষকলৈ আগবঢ়োৱাৰ লক্ষ্য লৈছে কৃষি গৱেষণা কেন্দ্ৰটোৱে এই শালি খেতিৰ বতৰত৷ ইয়াৰোপৰি লকডাউনত প্ৰভাৱিত বান বিধ্বস্ত কৃষক সকলক দ' চানেকীয়া মাটিত মাগুৰি ,অমনা ,নেঘেৰি আদি বাও ধানৰ খেতি কৰাৰ পৰামৰ্শ আগবঢ়াইছে কৃষি বিজ্ঞানী ড° প্ৰৱাল শইকীয়া আৰু ড° ধীৰেন চৌধুৰীয়ে ৷

এনে ধানৰ খেতি বান পীড়িত কৃষকৰ বিপদৰ বন্ধু বুলি অভিহিত কৰে বিজ্ঞানী দুগৰাকীয়ে৷ স্মৰ্তৱ্য যে কৃষি বিজ্ঞানী ড° ধীৰেণ চৌধুৰীয়ে ৰঞ্জিত ,বাহাদুৰ আদি অধিক উৎপাদন ক্ষম ধানৰ উৎপাদনশীলতাৰ ইল থলুৱা বাওধানৰ লগত সংযোগ কৰি অধিক বান প্ৰতিৰোধ ক্ষমতা সম্পন্ন ধানৰ জাত উৎপাদনৰ গৱেষণা অব্যাহত ৰাখিছে ৷এই কাৰ্যত সফল হ'লে অচিৰেই কৃষকৰ হাতত পৰিব অধিক উৎপাদনক্ষম পানীয়ে মাৰিব নোৱাৰা ধানৰ বীজ৷

লকডাউনত প্ৰভাৱিত কৃষক সকলক গাই পতি ৫ৰ পৰা ১০ কিঃগ্ৰাঃ বান বিজয়ী ধানৰ কঁঠিয়া যোগান ধৰিবলৈ সাজু হৈছে উত্তৰ লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা ৷ কৃষি গৱেষণা কেন্দ্ৰ টোৱে যোগান ধৰা বীজৰ দ্বাৰা প্ৰায় চাৰে সাত হেজাৰ বিঘা কৃষি ভুমিত খেতি কৰি লাভান্বিত হ'ব পাৰিব কৃষক সকল ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in