দিয়া নাই বান বিধ্বস্ত কৃষকক! গুডামতে পেলাই থৈছে কুইণ্টলে কুইন্টলে চৰকাৰী বীজ…

দিয়া নাই বান বিধ্বস্ত কৃষকক! গুডামতে পেলাই থৈছে কুইণ্টলে কুইন্টলে চৰকাৰী বীজ…

author-image
asomiyapratidin
New Update
দিয়া নাই বান বিধ্বস্ত কৃষকক! গুডামতে পেলাই থৈছে কুইণ্টলে কুইন্টলে চৰকাৰী বীজ…

ডিজিটেল সংবাদ, লখিমপুৰঃ 'চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি'- এই নীতি যেন অনুসৰণ কৰিছে অতুল বৰা নেতৃত্বাধীন কৃষি বিভাগে৷ সম্প্ৰতি ৰবি খেতিৰ বতৰ৷ এই হেন ৰবি শস্যৰ অনুকূল বতৰত চৰকাৰে কৃষকক ৰবি শস্যৰ বীজ যোগান ধৰিব পৰা নাই৷ যি বা যোগান ধৰিছে সেয়া আঙুলিৰ মূৰত গণিব পৰা কেইজন মান কৃষকে লাভ কৰিছে৷ তাৰ বিপৰীতে বানে ধোৱা লখিমপুৰত বান বিধ্বস্ত কৃষকে গাঠিৰ ধন ভাঙি ৰবি খেতিত হাত দিছে৷

Advertisment

উল্লেখযোগ্য অসম কৃষি বিপণন পৰিষদে বীজ নিগমৰ অধীনত ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলৰ কৃষকক বিনামূলীয়াকৈ বীজ যোগান ধৰে৷ বিশেষকৈ ৰবি শস্যৰ বতৰত বানপানী শুকাই যোৱাৰ পাছত মাহ, সৰিয়হ, মটৰ, আলু, মচুৰ দাইল, ৰহৰ দাইল আদিৰ বীজ কৃষকক যোগান ধৰিব লাগে কৃষি বিভাগে। সেই অনুসৰি জুলাই-আগষ্ট মাহতে নিবিদা আহ্বান কৰি ছেপ্টেম্বৰ মাহৰ পৰা বতৰৰ বীজ কৃষকক যোগান ধৰিব লাগে৷

লক্ষণীয় বিষয় যে, অক্টোবৰ গৈ নৱেম্বৰ মাহত সোমাল যদিও কৃষকে প্ৰয়োজনীয় ৰবি শস্যৰ বীজ কৃষি বিভাগৰ পৰা লাভ কৰা নাই এতিয়ালৈ৷ ইয়াৰ বিপৰীতে বান বিধ্বস্ত লখিমপুৰৰ কৃষকে গাঁঠিৰ ধন ভাঙি ৰবি শস্যৰ বীজ যোগাৰ কৰি ৰবি খেতি কৰিবলগীয়া হৈছে৷ কৃষি বিভাগৰ নিয়ম মতে একোজন কৃষকে তিনি বিঘা ৰবি শস্য তলিৰ বাবে মুঠ ৭ কুইণ্টলকৈ বীজ লাভ কৰিব লাগে৷ সেই নিয়ম মতে বিতৰণ দূৰৰে কথা, এতিয়ালৈকে একোজন কৃষক হিতাধিকাৰীয়ে এক কিলোগ্ৰামকৈও ৰবি শস্যৰ বীজ লাভ কৰা নাই৷

সম্প্ৰতি আলু, সৰিয়হ আৰু মটৰ মাহৰ বীজ লগোৱাৰ সময়৷ কিন্তু এই সময়তো কৃষকে লাভ কৰা নাই চৰকাৰী বীজ৷ লখিমপুৰ জিলাখনক লখিমপুৰ, লালুক, বিহপুৰীয়া, ঢকুৱাখনা আদি মুঠ ৬টা কৃষি চক্ৰত ভাগ কৰি একোজনকৈ কৃষি উন্নয়ন বিষয়াক চোৱা চিতাৰ দায়িত্ব দিয়া হৈছে যদিও এই সকল বিষয়াই হিতাধিকাৰীৰ তালিকা এই পৰ্যন্ত তৈয়াৰ কৰা নাই৷ যাৰ বাবে চৰকাৰী বীজৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ কৃষক৷ বুধবাৰে 'অসমীয়া প্ৰতিদিন'ৰ অনুসন্ধানত পোহৰলৈ আহিছে চৰকাৰী বীজ ভাণ্ডাৰতে বীজ পৰি থকাৰ তথ্য৷

লখিমপুৰৰ চকুলীভৰীয়াৰ অসম বীজ নিগম পৰিসীমিতৰ গুদামত দেখিবলৈ পোৱা গ'ল কেইবা হাজাৰ কুইন্টল ৰবি শস্যৰ বীজ৷ মাহ, সৰিয়হ, মচুৰ দাইল, আলু, মটৰ মাহ, বেঙেনা, ফুল কবি, বন্ধা কবি আদিৰ উন্নত জাতৰ বহিঃৰাজ্যৰ পৰা আমদানি কৰা বীজ চীড কৰ্পৰেশ্যনৰ বীজ ভাণ্ডাৰতে পৰি ৰৈছে৷

বীজ ভাণ্ডাৰৰ প্ৰৱন্ধক হেমচন্দ্ৰ কলিতাৰ মতে সোমবাৰৰ পৰা এই বীজসমূহ বীজ ভাণ্ডাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ সেই মতে কৃষকৰ মাজলৈ বিতৰণৰ উদ্দেশ্যত পঠিওৱা হৈছে৷ কিন্তু নাওবৈছাৰ প্ৰায় এহেজাৰ কৃষকৰ ওপৰত এই প্ৰতিবেদকে চলোৱা সমীক্ষাত গৰিষ্ঠসংখ্যক কৃষকেই চৰকাৰীভাৱে যোগান ধৰা বীজ লাভৰ পৰা বঞ্চিত হোৱাৰ তথ্য লাভ কৰিছে৷

আনহাতে, লখিমপুৰৰ মহকুমা কৃষি বিষয়া জনৈক বৰাৰ মতে এইবাৰ জিলা খনত চাহিদা অনুপাতে চৰকাৰীভাৱে যোগান ধৰা ৰবি শস্যৰ বীজৰ পৰিমান কম৷ বিষয়া গৰাকীৰ মতে জিলাখনত এইবাৰ ২ হাজাৰ কুইন্টল আলুৰ বিপৰীতে চৰকাৰে যোগান ধৰিছে কেৱল ২৮৩ কুইন্টল ৫০ কেজি ৷ সেইদৰে সৰিয়হৰ চাহিদা ২০ হাজাৰ কুইণ্টল, কিন্তু যোগান কৰিছে কেৱল ৭৭০ কুই্ন্টলহে ৷ মটৰ মাহ ১৫৪ আৰু মচুৰ মাহ ১২০ কুইন্টল যোগান ধৰিছে ৰাজ্যৰ কৃষি বিভাগে৷ ইয়াৰ বিপৰীতে মেইজ, সূৰ্যমুখী ফুল, বাদাম আদিৰ বীজ আৱণ্টনো কৰা হৈছে যি শস্যৰ খেতি লখিমপুৰত কৰা নহয়৷

স্হানীয় কৃষকৰ অভিযোগ চৰকাৰে কৃষকৰ কামত অহাকৈ কোনো বছৰে বীজ উপযুক্ত সময়ত যোগান ধৰা নাই ৷ বতৰৰ বীজ বতৰত যোগান নধৰি কাৰ স্বাৰ্থ পূৰাবলৈ অসম বীজ নিগমে বীজ যোগান ধৰে সেয়া ৰহস্যৰ আৱৰ্তত৷ প্ৰণিধানযোগ্য যে, লখিমপুৰৰ জিলাত বান প্ৰীড়িত কৃষকে প্ৰতি বছৰে ৭৯৬০ হেক্টৰ ভূমিত চৰকাৰী ভাৱে আৱণ্টিত আলুৰ খেতি কৰি ৮৮৫১৫.১২ কুইন্টল আলু আৰু ১৪৭০ হেক্টৰ ভূমিত ৬৪০ কুই্ন্টল মটৰ মাহ উৎপাদন কৰে বুলি বিভাগীয় তথ্যত প্ৰকাশ৷

বানে গৰকা লখিমপুৰৰ কৃষকক বানপানীৰ পাছত প্ৰয়োজনীয় ধানৰ কঠীয়া যোগান ধৰিব নোৱাৰা মন্ত্ৰী অতুল বৰা নেতৃত্বাধীন কৃষি বিভাগে সময় মতে ৰবি শস্যৰ বীজ যোগান ধৰাত ব্যৰ্থ হৈছে৷ জিলাখনৰ গৰিষ্ঠসংখ্যক দৰিদ্ৰ কৃষকে জীৱন জীৱিকাৰ সম্বল হিচাবে ৰবি খেতিৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰৰ সহায়ৰ হাত আশা কৰে৷ কিন্তু ৰাজ্যৰ কৃষি বিভাগে এই সকল দুখীয়া কৃষকৰ বিপদৰ বন্ধু হৈ ৰবি খেতিৰ বতৰতো থিয় দিব নোৱাৰিলে৷