/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/21ba92d6-33e7-4e57-a8f4-74f70e8443af/lakhimpur_2.jpg)
lakhimpur flood
ডিজিটেল ডেস্ক : লখিমপুৰৰ ন-আলি হালধিআটিত সংঘটিত হৈছে এক অঘটন। লখিপুৰত সোৱণশিৰি নদীয়ে ছিগিলে মথাউৰি। সোমবাৰে ধনচৰাইত সোৱণশিৰি নদীৰ মথাউৰী ছিগাৰ ফলত প্ৰায় ৪০টাকৈ পৰিয়াল পানীত বুৰ যায়।
উল্লেখ্য যে সোমবাৰৰ সন্ধিয়াৰ সময়ত সংঘটিত হৈছে এই ঘটনা। ধনচৰাইৰ এই মথাউৰি খহনীয়া ৰোধ কৰিবলৈ জলসম্পদ বিভাগে আপ্ৰাণ চেষ্টা চলাইছিল যদিও সফল নহ'ল। বহুদিন ধৰি খহনীয়াৰ কবলত পৰা গাঁওখন এতিয়া জলমগ্ন হৈ পৰিল।
আনহাতে, এই মথাউৰি ছিগাৰ ফলত ৩০ খনৰো অধিক গাঁও ভয়ংকৰ বানৰ কবলত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মথাউৰিটো ছিগা অংশত প্ৰায় এমাহ দিন ধৰি খহনীয়া হৈ আহিছিল। কিন্তু মথাউৰিটোৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে জনসম্পদৰ বিভাগে।