Published on:
Updated on:
- মালবাহী ট্ৰাকৰ পৰা ধনদাবী, চালকক মাৰধৰ কৰাৰ অভিযোগত বৃহস্পতিবাৰে আটক কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ নেতাক অৱশেষত মুক্তি দিবলৈ বাধ্য হল আৰক্ষী।
- এই ৩ নেতাৰ নেতৃত্বতে বুধবাৰে বৃহত নদী বান্ধৰ বিৰুদ্ধে ৰূপায়িত হৈছিল প্ৰতিবাদী কাৰ্যসূচী।
- ইয়াৰ এদিনৰ পিছতে গেৰুকামুখ প্ৰকল্পলৈ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়া একন ট্ৰাকৰ ড্ৰাইভাৰক ধনদাবীৰে মাৰ ধৰ কৰাৰ অভিযোগ ৰুজু কৰে লখিমপুৰ আৰক্ষীয়ে।
- অভিযোগনুসৰি, ট্ৰাক চালকজনৰ হতোৱাই এজাহাৰ লিখাই গোচৰ ৰুজু কৰাৰ পাছত পৰিকল্পিতভাৱে AJYCPJ জিলা সভাপতি ললু বৰুৱা, সম্পাদক সুদিপ্ত হাজৰিকা আৰু প্ৰচাৰ সম্পাদক মিন্টু দত্তক আৰক্ষীয়ে আটক কৰে।
- ইফালে এই আটকৰ পাছতে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পাছতে প্ৰায় ২৪ ঘন্টাৰ পাছত শুকুৰবাৰে বিয়লিভাগত ৩জন নেতাক মুকলি কৰি দিবলৈ বাধ্য হয় আৰক্ষী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in