/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/8a5e7a2e-c292-4f93-91ed-463185a70aa8.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অৰুণাচল প্ৰদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত পাহাৰীয়া ৰাজ্যখনৰ একাংশ লোকে অসমৰ ভূমিত অবাধ বেদখল অব্যাহত ৰখাৰ বিৰুদ্ধে শনিবাৰে আছুৰ হাৰমতী আঞ্চলিক সমিতিৰ উদ্যোগত গোৰ্খা ছাত্র সন্থা, টিএমপিকে আৰু আছা'ৰ হাৰমতী আঞ্চলিক সমিতিয়ে হাৰমতীৰ পৰখ দৈমুখ সংযোগী পথ অৱৰোধ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ লখিমপুৰ জিলাৰ সীমামূৰীয়া মইনাজুলিত দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ একাংশ লোকে মূল্যবান গছ গছনি কাটি পকীঘৰ, দোকানগৃহ নিৰ্মাণ কৰি নিৰ্বিঘ্নে অসমৰ ভূমিত বেদখল কৰি আহিছিল।
শেহতীয়াকৈ অতি স্পৰ্শকাতৰ এলেকাৰূপে চিহ্নিত মইনাজুলিত অসম চৰকাৰে আৰক্ষীৰ সীমান্ত পৰীক্ষণ চকীটো পূৰ্বৰ জৰাজীৰ্ণ অৱস্থাৰ পৰা উন্নীতকৰণ কৰি পকী গৃহ নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি কাম আৰম্ভ কৰিবলৈ লওঁতেই অৰুণাচলী লোকে বাধা প্ৰদান কৰি উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। অৰুণাচলী লোকৰ বাধাত সেও মানি অসম চৰকাৰে উক্ত আৰক্ষী পৰীক্ষণ চকীৰ নিৰ্মাণকাৰ্য বন্ধ ৰাখিবলৈ বাধ্য হয়।
অসম চৰকাৰৰ চৰম দূৰ্বল স্থিতিৰ বাবেই চুবুৰীয়া ৰাজ্যখনে অধিক আগ্ৰাসী ৰূপত অসমৰ ভূমিত বেদখল চলাই গৈছে। বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদেও অসম চৰকাৰৰ নিদ্ৰা ভংগ কৰিব নোৱাৰাত সীমামূৰীয়া এলেকাত বৃদ্ধি পাইছে উত্তেজনা। শনিবাৰে এই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আছু, আগছু, আছা আৰু টিএমপিকেয়ে অসম চৰকাৰক নিদ্ৰা ভংগ কৰিবলৈ দাবী জনোৱাৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু অৰুণাচলী নাগৰিকক শান্তিপ্ৰিয় অসমীয়া লোকক জোকাই নল'বলৈ হুংকাৰ দিয়ে।