/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/LABOURS-FROM-MADHYAPRADESH-STUCK-IN-ARUNACHAL-STARTED-JOURNEYING-BY-FOOT-FOUND-IN-BISWANATH.mp4.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ অৰুণাচল প্ৰদেশৰ ডি বি আৰ নামৰ এটা পথ নিৰ্মানকাৰী সংস্হাৰ অধীনত কৰ্মৰত ৯জন শ্ৰমিক মনে মনে আহি উপস্থিত হ'লহি বিশ্বনাথ চাৰিআলিত৷ অৰুণাচলৰ পৰা নদী পাৰ হৈ জংঘলে জংঘলে খোজকাঢ়ি আহে শ্ৰমিক কেইজন। শ্ৰমিক কেইজন মধ্যপ্ৰদেশৰ। লক ডাউনৰ ফলত কাম বন্ধ হোৱাৰ বাবে তীব্ৰ আৰ্থিক সংকটত ভোগা শ্ৰমিক কেইজন মধ্যপ্ৰদেশলৈ বুলি ৰাওনা হৈছিল।
বিশ্বনাথৰ বৰকুৰাত স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি শ্ৰমিক সকলক কুঁৱৰী পঞ্চায়তক চমজাই দিয়ে। পঞ্চায়তৰ সভাপতিয়ে পঞ্চায়তত আছুতীয়াকৈ ৰখাৰ ব্যৱস্হা কৰিছে। শ্ৰমিক কেইজন ক্ৰমে ৰিংক লাল, ম° আৰিফ, ম° কুদ্দুছ, চোটে লাল, অনিল ৰাৱত, কল্লু পল, ম° চেৰোৱাৰ, ৰাকেশ কুমাৰ জয়ছোৱাল, ৰাম অৱতাৰ চাহু।