ডিজিটেল সংবাদ, কাকডোঙাঃ কোভিড সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে জোঁকাৰি গৈছে সমগ্ৰ দেশ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিতৌ বৃদ্ধি পাবলৈ ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা। এই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁৱৰ কুৰিঘৰীয়া গাঁওৰক্ষী বাহিনীয়ে যাতে গাঁওখনত কৰোণা সংক্ৰমণ হ'ব নোৱাৰে, তাৰ বাবে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ।
কুৰিঘৰীয়া গাঁওৰক্ষী বাহিনীৰ উদ্যোগত দেওবাৰে কুৰিঘৰীয়া ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ পৰা জনসাধাৰণৰ মাজত কোভিড সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাক্স বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত কুৰিঘৰীয়া গাওঁ ৰক্ষী বাহিনীৰ সম্পাদক হামিদুৰ ৰহমান ,সভাপতি ফাৰুক আহমেদ, কুৰিঘৰীয়া ক্ৰীড়া সন্থাৰ সম্পাদক আৰিফ মোস্তাক,স্থানীয় গাঁওবঢ়া ইনামূল হক,যুৱ সমাজকৰ্মী আনোৱাৰ হুছেইনে অংশগ্ৰহণ কৰি ৰাইজক কোভিড প্ৰটক'ল মানি চলিবলৈ আহ্বান জনায় ।
উল্লেখযোগ্য যে, গাঁওখনৰ মুল পথেৰে মাস্ক পৰিধান নকৰাকৈ গৈ থকা অৱস্থাত অৰ্ধ শতাধিক পথচাৰীক ৰখাই কোভিডক পৰা বাচি থাকিবলৈ ল'ব লগা সাৱধানতা সম্পৰ্কে বুজোৱাৰ লগতে মাস্ক বিতৰণ কৰে।