কৃষ্ণাই মটৰ শ্ৰমিক সন্থাৰ সমবেদনা সভা

কৃষ্ণাই মটৰ শ্ৰমিক সন্থাৰ সমবেদনা সভা

author-image
asomiyapratidin
New Update
কৃষ্ণাই মটৰ শ্ৰমিক সন্থাৰ সমবেদনা সভা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ এখন সমবেদনা সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়। সন্থাৰ কাৰ্যালয়ৰ সভা কক্ষত সন্থা সভাপতি পৰিতোষ সাহাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ উপ সভাপতি গুলজাৰ আলীয়ে।

সভাত সন্থাৰ সদস্য স্বৰ্গীয় নুৰ আলমৰ পত্নী ফাতিমা বিবিৰ হাতত সন্থাৰ ফালৰ পৰা এখন সমবেদনা পত্ৰ-শোক প্ৰস্তাৱ, এখন গামোছা আৰু পাঁচ হেজাৰ এক টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। সভাত সাংবাদিক চৈয়দ ৰবিউল হক, শিক্ষক জহিৰুল ইছলাম আদিকে ধৰি কেইবাজনো বিশিষ্টি ব্যক্তি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে মৃত সদস্য গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।