জীৱনক বাজি লগাই জলন্ত অগ্নিপিণ্ডৰ ওপৰত একাংশ লোকৰ নৃত্য, চাওক VIDEO

জীৱনক বাজি লগাই জলন্ত অগ্নিপিণ্ডৰ ওপৰত একাংশ লোকৰ নৃত্য, চাওক VIDEO

ডিজিটেল সংবাদ, কৃষ্ণাইঃ এক শিহৰণকাৰী দৃশ্য৷ জুইৰ অঙঠাৰ ওপৰত জপিয়াই জপিয়াই একাংশ লোকৰ নৃত্য৷ কোনোবাই যদি গীত গাই নৃত্য কৰিছে, আন কোনোবাই আকৌ জুই ওপৰত নৃত্য কৰিছে৷ এয়া কোনো তন্ত্ৰ মন্ত্ৰ বা যাদু খেলৰ দৃশ্য নহয়৷ আচলতে এয়া ৰাভা জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত জাতীয় উৎসৱ "বায়খো" পূজাৰ দৃশ্য৷

কৃষ্ণাইৰ নিকটৱৰ্তী পশ্চিম দায়ৰং গাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বায়খো উৎসৱ তথা মেলা৷ প্ৰতিবছৰে পশ্চিম দায়ৰঙবাসী গঞাই ফাগুন মাহৰ শেষত অনুষ্ঠিত কৰি আহিছে 'বায়খো উৎসৱ'৷ জুইৰ ওপৰত নৃত্য কৰা লোকসকলক বায়ব্ৰা বুলি কোৱা হয়৷ বায়ব্ৰা সকলে বহু দিনলৈ লঘূনে থাকি পবিত্ৰ মনে দেৱ-দেৱীক পূজা অৰ্চনা কৰে৷

সেয়েহে জুইৰ ওপৰত নৃত্য কৰিলেও একো ক্ষতি নহয় তেওলোকৰ৷ পশ্চিম দায়ৰঙত অনুষ্ঠিত এই বায়খো উৎসৱত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে অতিথি হিচাপে উপস্থিত থাকি বায়খো উৎসৱৰ জুইৰ ওপৰত কৰা পৰ্বৰ শুভ উদ্ধোধন কৰে আৰু এই পবিত্ৰ ক্ষণৰ সাক্ষী হৈ ৰয়৷

ৰাভা জনগোষ্ঠীৰ লোকসকলে বায়খো উৎসৱত সাধাৰণতে খেতি-বাতিৰ ফচল বৃদ্ধি হ'বলৈ, অপায়-অমংগল দূৰ কৰিবলৈ, ৰাভা লোকসকলৰ মংগলৰ হকে দেৱীক পূজা-অৰ্চনা কৰে৷

উল্লেখ্য যে, ৰাভা জনগোষ্ঠীৰ লোকসকলে জেঠ মাহৰ পূৰ্ণিমা তিথিত এই বায়খো উৎসৱ পালন কৰে যদিও পশ্চিম দায়ৰংত অতীজৰে পৰা ফাগুন মাহৰ শেষত অনুষ্ঠিত কৰি আহিছে৷ লোকে লোকাৰণ্য হৈ পৰে বায়খো উৎসৱস্থলী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in