Advertisment

কৃষি বিজ্ঞান কেন্দ্ৰত ক্ৰেতা-বিক্ৰেতা সন্মিলন

কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা আই চি এ আৰ- দি আৰ এম আৰ, ৰাজস্থানৰ সহযোগত এখন ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
কৃষি বিজ্ঞান কেন্দ্ৰত ক্ৰেতা-বিক্ৰেতা সন্মিলন

ডিজিটেল ডেস্কঃ কাঁহিকুচিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা আই চি এ আৰ- দি আৰ এম আৰ, ৰাজস্থানৰ সহযোগত এখন ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন কৰা হয়। উক্ত সভাখনত কামৰূপ কৃষি বিভাগৰ কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী, এপাৰ্টৰ নডেল বিষয়া মানস প্ৰতিম মহন্ত, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডা° ধীৰেন্দ্ৰ নাথ কলিতা, ডা° গিৰীন হাজৰিকা ৰেচিডেন্ত কনচাল্টত দি আৰ এম আৰ, এপাৰ্ট, ডা° অশোক কুমাৰ শৰ্মা মূখ্য বিজ্ঞানী, দি আৰ এম আৰ, আৰু কাৰ্তিক এম, মনিতৰিং আৰু সমীকৰণ বিশেষজ্ঞ, দি আৰ এম আৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে।

Advertisment

এপাৰ্টৰ নডেল বিষয়া মানস প্ৰতিম মহন্ত ই সভাৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ কৰা সভাখনত ডা০ গিৰীন হাজৰিকাই কৃষক উৎপাদন কোম্পানীৰসমূহক কৃষকৰ উৎপাদিত সামগ্ৰীসমূত মূল্য-সংযোজন কৰি উৎপাদিত সামগ্ৰীসমূহে উচিত মূল্য পায় এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ অনুৰোধ জনায়। ভাষণ প্ৰসংগত মূখ্য বিজ্ঞানী শৰ্মাই উল্লেখ কৰে যে আমি বিদেশী কোম্পানীৰ বিজ্ঞাপনত ভোল গৈ পাহৰি গৈছোঁ যে আচলতে যি ঠাইত যি শস্যৰ উৎপাদন হয় সেই ঠাইৰ মানুহৰ বাবে সেইটোৱেই উপকাৰী।

গতিকে তেওঁ উপস্থিত সকলোকে অনুৰোধ জনায় যাতে নিজৰ ঘৰখনৰ পৰাই আৰম্ভ কৰি এই পৰিবৰ্তন যেন সকলোৱে নিজৰ অঞ্চলটোলৈ লৈ যা‌য়। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী কলিতাই কৃষক উৎপাদন কোম্পানীৰসমূহক চৰকাৰী বিভিন্ন আচঁনিৰ সুবিধা লাভৰ জৰিয়তে কৃষকৰ উপকাৰ সাধন কৰিবলৈ অনুৰোধ জনায়।

সভাৰ শেষত ৰাজস্থানৰ দি আৰ এম আৰৰ অতিথিসকলে কৃষক ৰাইজৰ লগত মুকলি ভাৱ বিনিময় কৰে। ক্ৰেতা-বিক্ৰেতাৰ মাজত মত বিনিময়ৰ অন্তত বুজা-বুজি চুক্তিত স্বাক্ষৰেৰে সভাখনৰ সামৰণি পৰে। সভাত কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন কৃষক উৎপাদন কোম্পানীৰ প্ৰতিনিধিসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে।

Also Read: কিশোৰীক বলাৎকাৰৰ লগতে ভ্রূণ হত্যাৰ চেষ্টা চলোৱ উদয় মেছৰ বিৰুদ্ধে শাস্তি ঘোষণা