তিনিচুকীয়াত কৃষক মেলা-২০২৩

- বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ তিনিচুকীয়াত আৰম্ভ হৈছে কৃষকমেলা-২০২৩ । তিনিচুকীয়া জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হৈছে এই কৃষকমেলা ।
তিনিচুকীয়াত কৃষক মেলা-২০২৩

ডিজিটেল সংবাদ, তিনিচুকীয়া:- বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ তিনিচুকীয়াত আৰম্ভ হৈছে কৃষকমেলা-২০২৩ । তিনিচুকীয়া জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হৈছে এই কৃষকমেলা । মেলাত কৃষিজাত সামগ্ৰীৰ এক প্ৰদৰ্শনীও মুকলি কৰা হৈছে ।

আজি কৃষকমেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি জিলা উপায়ুক্ত স্বপ্নীল পালে বিপনীসমূহ পৰিদৰ্শন কৰাৰ লগতে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা লোকসকলৰ সৈতে মত-বিনিময় কৰে। মুকলি সভাত অংগ্ৰহণ কৰি জিলা উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৃষকসকলৰ আয় দুগুণ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত উপযুক্ত বজাৰ গঢ়ি তোলাৰ আশ্বাস প্ৰদান কৰে ।

তেওঁ লগতে কৃষি উৎপাদিত সামগ্ৰীৰ যথোপযুক্ত সংৰক্ষণৰ ব্যৱস্থাও অতিকে প্ৰয়োজনীয় বুলি উল্লেখ কৰে। জিলাখনৰ প্ৰতিগৰাকী কৃষকেই যাতে চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা কৃষি বিভাগক নিৰ্দেশ দিয়ে। সভাত অংগ্ৰহন কৰি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰৱন্ধক প্ৰণৱ কটকীয়ে কৃষি, পশুপালন তথা কৃষিজাত সামগ্ৰীৰ লগত জড়িত উদ্যোগ আদিৰ প্ৰতিষ্ঠাৰ বাবে উপলব্ধ বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে কৃষকসকলক চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়। জিলা কৃষি বিষয়া তপন নেওগে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা মুকলি সভাত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, জিলা পশু চিকিৎসা বিষয়া ডা: ৰূপজিৎ কাকতি, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক সুমিত কোৱঁৰ, বেংকসমূহৰ মুখ্য জিলা ব্যৱস্থাপক বিশ্বনাথ ঝা আদি উপস্থিত থাকে। আজিৰ সভাতে উপায়ুক্ত স্বপ্নীল পালে জিলাখনৰ পাচঁগৰাকী প্ৰগতিশীল কৃষক তথা কৃষি গোটক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

তদুপৰি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত পাঁচ গৰাকী নিৰ্বাচিত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু আন পাঁচগৰাকী নিৰ্বাচিত কৃষকৰ মাজত পিঠাখুণ্ডা যন্ত্ৰও বিতৰণ কৰা হয়। আজিৰ মুকলি সভাৰ আতঁধৰে মহকুমা কৃষি বিষয়া (কুঁহিয়াৰ উন্নয়ন) ৰজিত দত্তই । মুকলি সভাৰ প্ৰাৰম্ভণিতে বৰগীত পৰিবেশন কৰে কৃষি বিষয়া ড° যামিনী শইকীয়াই । উল্লেখ্য যে, দুটা দিনৰ বাবে আয়োজিত এই কৃষি মেলা-২০২৩ৰ লগত সংগতি ৰাখি 'তিনিচুকীয়া জিলাত ফুল খেতিৰ সম্ভাৱনীয়তা আৰু গ্ৰাম্য অৰ্থনীতিত ইয়াৰ অৰিহণা', 'ৰেচম শিল্পৰ যোগেদি গ্ৰাম্য অৰ্থনীতিত মহিলা সৱলীকৰণ' আৰু 'কৃষকৰ আয় দুগুণ কৰাৰ বাবে বহুমুখী কৃষিকৰ্ম ব্যৱস্থা' শীৰ্ষক বিষয়ৰ ওপৰত কৃষকসকল প্ৰশিক্ষণ আগবঢ়োৱা হ'ব ।

তিনিচুকীয়াত কৃষক মেলা-২০২৩
মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ শেষকৃত্য সম্পন্ন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in