ডিজিটেল সংবাদ, কামপুৰঃ বি জে পি দলে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কৈ থকাৰ সময়তে জালিয়াতিৰ অভিযোগ উঠিছে বিগত পঞ্চায়ত নিৰ্বাচনত বি জে পি দলৰ পৰা জয়ী্ হোৱা এজন পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ।
নগাওঁ জিলাৰ কঠিয়াতলীৰ নামবৰ পঞ্চায়তৰ বি জে পি দলৰ পৰা নিৰ্বাচিত পঞ্চায়ত সভাপতি অভিষেশ চুমৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ আনিছে পঞ্চায়ত খনৰ একাংশলোকে ।অভিষেশ চুমে নিৰ্বাচনৰ সময়ত মনোনয়ন পত্ৰৰ লগত গাঠি দিয়া স্থায়ী বাসিন্দাৰ গাওঁবুঢ়াই দিয়া প্ৰমান প্ৰত্ৰত জালিয়াতি কৰা অভিযোগ উঠিছে ।এই ক্ষেত্ৰত বৰ্তমানৰ সভাপতি অভিশেষ চুমে এটা গড়কাপ্তানী বিভাগৰ এটা ঘৰৰ গৃহ নম্বৰ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ।
সভাপতি গৰাকীয়ে ৩৬ নং গড়কাপ্তানী বিভাগৰ চৰকাৰী বাসগৃহটো তেওঁৰ স্থায়ী বাসগৃহ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে ।অভিযোগ অনুসৰি অভিষেশ চুম বৰ্তমান নিজকঠিয়াতলী পঞ্চায়তৰ স্থায়ী বাসিন্দা ।কিন্ত মনোনয়ন দাখিলৰ সময়ত সভাপতি গৰাকীয়ে চৰকাৰী বাসগৃহটোৰ গৃহ নম্বৰটো ব্যৱহাৰ কৰাত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি কৰিছে ।
উল্লেখ্য যে সভাপতি গৰাকীৰ দেউতাক গড়কাপ্তানী বিভাগৰ এজন কৰ্মচাৰী আছিল ।এই সূত্ৰে বহুবছৰৰ আগতে অভিষেশ চুমৰ পৰিয়ালটোৱে এই চৰকাৰী গৃহটোতে বসবাস কৰিছিল ।বৰ্তমান নামবৰ লালুংগাওঁ পঞ্চায়তৰ জহি খহি যাব ধৰা চৰকাৰী গৃহটো প্ৰায় দহ বছৰ আগতে ত্যাগ কৰি নিজ কঠিয়াতলী পঞ্চায়তত স্থায়ী কৈ থাকিব লয় ।