/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f11b58c1-9b5a-40ba-98a8-b870b16c00dc/agranii.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : অবৈধ সম্পৰ্ক, এখন ফটো আৰু তাৰ পিছত প্ৰাণে মৰাৰ অপচেষ্টা এগৰাকী মহিলাক।কলিয়াবৰৰ শাগমুঠিয়া চাহ বাগিচাত সংঘটিত এই ঘটনাই সম্প্ৰতি তীব্ৰ উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, এখন ফটো - তলত লাভ চিম্বলৰ সৈতে কেপচন - "হেপী ফিলিং"।
এই ফটোৰ পিছতেই আৰম্ভ কাহিনীৰ নতুন অধ্যায়। ৱাটচাপ ষ্টেটাচত আপত্তিজনক ফটো দেখি পত্নীৰ প্ৰশ্ন স্বামীক। আৰু তাৰ পিছতেই অবৈধ প্ৰেমিকাৰে মিলি পত্নীক আক্ৰমণ শুকলাল মুণ্ডাৰ।
কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ খেলমাটি লাইনত সংঘটিত হৈছে এই ঘটনা। অবৈধ প্ৰেমিকদ্বয়ক আক্ৰমণত গুৰুত্বৰভাৱে আহত ললিতা মুণ্ডাৰ অভিযোগ - পতিৰ অবৈধ প্ৰেমিকা পদ্মাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি চলাইছিল প্ৰাণে মৰাৰ অপচেষ্টা।
অভিযুক্তা পদ্মাই বুকু, ডিঙি আদিত চোকা অস্ত্ৰৰে আঘাত কৰাৰ লগতে আক্ৰমণত সহযোগ কৰে পতি শুকলাল মুণ্ডায়ো। এই ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে কলিয়াবৰৰ শাগমুঠিয়া চাহ বাগিচাত।
দেওবাৰে সংঘটিত এই ঘটনাৰ পিছতে জখলাবন্ধা আৰক্ষীক এজাহাৰ দিয়া হৈছিল যদিও অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। স্থানীয় গাঁওৰক্ষী বাহিনীৰ সম্পাদক হোৱাৰ সুবাদত আৰক্ষীৰ আতিথ্য শুকলালক। এই ঘটনাৰ পিছতে মঙলবাৰে দোষীক শাস্তি বিহাৰ দাবীত জখলাবন্ধা থানা উত্তাল কৰে স্থানীয় মহিলা সমিতিয়ে।
উল্লেখ্য যে, ঘটনাত জড়িত শুকলাল মুণ্ডাৰ লগতে অবৈধ প্ৰেমিকা পদ্মাক মঙলবাৰে আটক কৰে জখলাবন্ধা আৰক্ষীয়ে। অবৈধ প্ৰেমৰ পৰিণতিত সংঘটিত এই ঘটনাৰ ন্যায় বিচাৰি থানা চৌহদ উত্তাল কৰাৰ লগতে দোষীক শাস্তি বিহাৰ দাবী উত্থাপন কৰে স্থানীয় মহিলা সমিতিয়ে।