/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/80da55c9-a978-4319-9c4e-de91c1d184a4-1.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকা লুংচুঙত শনিবাৰে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশ্যনে প্ৰায় ৬০০ টা দুখীয়া পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। লকডাউনৰ ফলত উদ্ভৱ হোৱা খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশ্যন, উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথ, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীয়ে লুংচুঙত ৬০০ৰো অধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে>
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/537e20b8-6c1e-4fde-a7df-c26cf2633797-1024x768.jpg)
জনহিতজনসেৱাৰ্থেৰ উৎকৃষ্ঠ নিদৰ্শন দাঙি ধৰি তিনিওগৰাকী আৰক্ষী বিষয়াই খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সময়ত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব দিয়ে আৰু সেইমতে সামাজিক দুৰত্ব বৰ্তাই ৰাখি খাদ্য সামগ্ৰীসমুহ বিতৰণ কৰে। এই সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশ্যনে কয় যে লকডাউনৰ পৰিণতিত কোনো এগৰাকী ব্যাক্তিয়ে যাতে খাদ্যভাৱত ভূগিব লগা নহয় তাৰ ওপৰত প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে>
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/40deeb48-4b1d-47bb-bd42-c8484830d088-1024x576.jpg)
লকডাউনৰ পৰিণতিতে দিন মজুৰি কৰি খোৱা শ্ৰমিক সকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে বহু অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰিছে আৰু জিলাখনত এজনো ব্যাক্তি যাতে ভোকত থাকিব লগা নহয় তাৰ ওপৰত আৰক্ষীয়ে গুৰুত্ব আৰোপ কৰিছে আৰু আৰক্ষীয়ে প্ৰতিদিনে আৰ্তজনক সহায় কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/dbb81ff1-48ce-495d-ac74-11ac23ead4f3-1024x484.jpg)
আৰ্তজনৰ প্ৰতি অসম আৰক্ষীৰ সহায়ৰ হাত সদায়ে থাকিব আৰু আৰক্ষীয়ে অনাগত সময়ছোৱাতো আৰ্তজনক সহায় কৰিব। কোকৰাঝাৰত বৰ্তমানলৈকে এজনো কৰ'না পজিটিভ ৰোগী নাই আৰু লকডাউন মানি চলাৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশ্যনে অনাগত সময়ছোৱাতো চৰকাৰে বলৱৎ কৰা নীতি -নিয়ম ভঙ্গ নকৰিবলৈ সকলো শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/80da55c9-a978-4319-9c4e-de91c1d184a4-1024x484.jpg)
উল্লেখ্য যে, ভাৰত -ভূটান সীমান্তৱৰ্তীৰ দূৰ্গম এলেকা বুলি পৰিচিত লুংচুঙত খাদ্যভাৱে দেখা দিছিল আৰু আৰক্ষীয়ে আৰ্তজনৰ মাজত শনিবাৰে চাউল, দাইল, আলু, নিমখকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰাত দুখীয়া জনতাৰ মাজত এচেৰেঙা হাঁহি বিয়পি পৰিছে।