ৰেডজনৰ পৰা গ্ৰীণজনলৈ প্ৰৱেশ নিষেধ, কোকৰাঝাৰত আৰক্ষীয়ে গঢ়িলে কঠোৰ নিৰাপত্তা ব্যৱস্থা, VIDEO

ৰেডজনৰ পৰা গ্ৰীণজনলৈ প্ৰৱেশ নিষেধ, কোকৰাঝাৰত আৰক্ষীয়ে গঢ়িলে কঠোৰ নিৰাপত্তা ব্যৱস্থা, VIDEO

author-image
asomiyapratidin
New Update
ৰেডজনৰ পৰা গ্ৰীণজনলৈ প্ৰৱেশ নিষেধ, কোকৰাঝাৰত আৰক্ষীয়ে গঢ়িলে কঠোৰ নিৰাপত্তা ব্যৱস্থা, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গ্ৰীণজোন কোকৰাঝাৰ জিলালৈ ৰেডজন ধুবুৰীৰ পৰা যাতে কোৰোনা ভাইৰাজ সংক্ৰমিত হব নোৱাৰে তাৰ বাবে কোকৰাঝাৰ প্ৰশাসন সষ্টম হৈ পৰিছে। ইয়াৰ পৰিণতিতে কোকৰাঝাৰ জিলাত সোমোৱা প্ৰতিটো ৰাস্তাতে তথা কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৰ প্ৰতিটো পথতে প্ৰশাসনে নিৰাপত্তাৰক্ষীৰ ২৪ ঘণ্টা পহৰাৰ ব্যৱস্থা কৰিছে। নিৰাপত্তা ব্যৱস্থাই ৰেডজন ধুবুৰী জিলাৰ পৰা অহা কোনো অকৃতিত্বশীল লোকক কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

Advertisment

অকল ইমানেই নহয় গাৱঁলীয়া ভিতৰুৱা পথেৰে কোনো লোক সোমাৱাৰ তথ্য লাভ কৰিলেও কোকৰাঝাৰ জিলা প্ৰশাসনে তেনেলোকক আটক কৰি ১৪ দিনৰ বাবে কোৱাৰাইণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰিছে। কোকৰাঝাৰ জিলাক কোৰোনা ভাইৰাজমুক্ত কৰি ৰাখিবলৈ প্ৰশাসনৰ এনে কাৰ্যব্যৱস্থাৰ ফলত ধুবুৰী জিলাৰ পৰা কোনো অকৃতিত্বশীল লোক সম্প্ৰতি কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই।

অৱশ্যে ইয়াৰ মাজতে কেইদিনমান পূৰ্বে ধুবুৰী জিলাৰ লক্ষীগঞ্জ অঞ্চলৰ টিয়ামত পাৰামানিক নামৰ এগৰাকী ব্যাক্তিয়ে অতি ভিতৰুৱা পথেৰে কোকৰাঝাৰ জাওলীয়াপাৰাত থকা তেওঁৰ দ্বিতীয় পত্নীক দেখা কৰিবলৈ আহোতেই জিলা আৰক্ষী প্ৰশাসনে অৱগত হৈ ব্যাক্তিজনক চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাই ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে।

ৰেডজন ধুবুৰী জিলাৰ বাসিন্দাই কোকৰাঝাৰ জিলাত অকৃতিত্বশীলভাৱে প্ৰৱেশ কৰিব নোৱাৰাত কোকৰাঝাৰ জিলাৰ বাসিন্দাই স্বস্তিৰ নিশ্বাস পেলাইছে। ইপিনে সোমবাৰে লকডাউনৰ ফলত দুখীয়া লোকসকলৰ খাদ্যভাৱৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ বালাজান তিনালী অঞ্চলত স্মাইল ৱেলফায়াৰ ছোছাইটিৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। উক্ত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত স্মাইল ৱেলফেয়াৰ ছোচাইটিৰ সদস্য সকলৰ উপৰিও বালাজান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক হিমাংশু দাস উপস্থিত থাকে। আনহাতে সোমবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ উদ্যোগত কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয় আৰু বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদ চেনিটাইজেচন কৰা হয়।