কোকৰাঝাৰত উপস্থিত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰ…

কোকৰাঝাৰত উপস্থিত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰ…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত উপস্থিত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাত মহিলাৰ ওপৰত চলা নিৰ্যাতন আৰু অপৰাধজনিত ঘটনাৰ বুজ ল'বলৈ আজি কোকৰাঝাৰত উপস্থিত হয় অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ড° হেমপ্ৰভা বৰঠাকুৰ ৷ কোকৰাঝাৰত উপস্থিত হৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ড° হেমপ্ৰভা বৰঠাকুৰে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা মহিলা কোষৰ লগতে সেচ্ছাসেৱী সংস্থা, আৰক্ষী বিষয়া আৰু বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ।

Advertisment

উক্ত বৈঠকত ড° হেমপ্ৰভা বৰঠাকুৰে কোকৰাঝাৰ জিলা মহিলা কোষক অধিক শক্তিশালী কৰাৰ সপক্ষে মত প্ৰকাশ কৰি গ্ৰাম্যাঞ্চলত ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আহ্বান জনায়। জিলা মহিলা কোষত সমাজকৰ্মী আৰু বেচৰকাৰী সংস্থাৰ সদস্যৰ অন্তৰ্ভুক্তিৰে মহিলা কোষক শক্তিশালী কৰাৰ পোষকতা কৰি এমাহত এবাৰকৈ সভা অনুষ্ঠিত কৰি ভুক্তভোগী মহিলা সকলক তাৎক্ষণিক ন্যায় দিয়াৰ সেৱাত মনোনিৱেশ কৰিবলৈও আহ্বান জনাইছে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ড° হেমপ্ৰভা বৰঠাকুৰে ।

আজিৰ বৈঠকত জিলা উপায়ুক্ত তথা কোকৰাঝাৰ জিলা মহিলা কোষৰ অধ্যক্ষা বৰ্ণালী ডেকা, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা লাকি গগৈ, জিলা মহিলা কোষৰ সদস্যা সচিৱ ৰীমা তৃষ্ণা হালৈ ,অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ গুপ্তা, আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে আৰু বেচৰকাৰী সংস্থাৰ সদস্য- সদস্যাসকল উপস্থিত আছিল ৷