/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/gosaingaon-ndfffvbbb-face-accarec-h.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও অঞ্চলত বুধবাৰে নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই এটা দুধৰ্ষ এনডিএফবি(এছ) সদস্যক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন এনডিএফবি(এচ) সদস্যজনক গোসাঁইগাঁও মহকুমাৰ শৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত অক্সিগুৰী গাঁওৰ ৰহিটন নাৰ্জাৰী বুলি আৰক্ষীয়ে সদৰি কৰিছে। ধৃত এনডিএফবি (এচ) সদস্যজনৰ পৰা নিৰাপত্তাৰক্ষীয়ে এটা একে ৫৬ ৰাইফল , এটা মেগজিন , এটা ৭.৬৫ পিষ্টল আৰু পিষ্টল আৰু ৰাইফলৰ মুঠ ৩৬ জাঁই গুলী জব্দ কৰিবলৈ সক্ষম হৈছে ।
কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰা মতে- এক বিশেষ সূত্ৰৰ পম খেদি বুধবাৰে জিলাখনৰ কচুগাঁও অঞ্চলত আৰক্ষী , সেনা আৰু কোব্ৰা বাহিনীয়ে যৌথ অভিযান চলাই এটা দুধৰ্ষ এনডিএফবি (এছ) সদস্যক এটা পিষ্টল, ১৫ জাঁই গুলী সহিতে আটক কৰিবলৈ সক্ষম হয় । আটকাধীন এনডিএফবি(এছ) সদস্যজনক গোসাঁইগাঁও মহকুমাৰ শৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত অক্সিগুৰী গাঁওৰ ৰহিটন নাৰ্জাৰী বুলি চিনাক্ত কৰা হয় আৰু সোধপোছৰ অন্তত তেওঁৰ ঘৰত গাত খান্দি পুতি থোৱা অৱস্থাৰ পৰা এটা একে ৫৬ ৰাইফল , মেগজিন আৰু ২১ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষল হয় ।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰহিটন নাৰ্জাৰী ২০১৭ চনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আৰু ৰহিটনৰ জেষ্ঠ্য ভাতৃ তথা এনডিএফবিৰ জেষ্ঠ্য নেতা চানডিউ নাৰ্জাৰীও ২০১৭ চনৰ ডিচেম্বৰত আৰক্ষীৰে সংঘৰ্ষত নিহত হৈছিল । অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে ধৃত ৰহিটন নাৰ্জাৰীক জেৰা অব্যাহত ৰাখিছে ।