উৰুখা পঁজাৰ পৰা অসম আৰক্ষী লৈ...

:- অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম অঞ্চলত আনন্দৰ বন্যা বৈছে ।
assam police
assam police
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম অঞ্চলত আনন্দৰ বন্যা বৈছে । অঞ্চলটোৰ কেবাগৰাকী দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ যুৱকে অসম আৰক্ষীৰ সহকাৰী পৰিদৰ্শক আৰু কনিষ্টবল পদৰ বাবে নিৰ্বাচিত হোৱাত অঞ্চলটোত আনন্দৰ বন্যা বৈছে ।

প্ৰাপ্ত বাতৰি অনুসৰি অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা দিনগাঁৱৰ দিনেশ নাথৰ সন্তান অশোক নাথে আজি ঘোষিত হোৱা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছে । তেওঁ অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে আন চাৰি যুৱক ক্ৰমে নাথপাৰাৰ বিপ্লৱ নাথ , কৰাইতোলাৰ হিতেশ নাথ , প্ৰতাপখাতাৰ ক্ৰমে মঞ্জিল নাথ আৰু সুমন্ত নাথে অসম আৰক্ষীত নিযুক্তি লাভৰ বাবে নিৰ্বাচিত হৈছে ।

ইয়াৰে বিপ্লৱ নাথে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ বাবে নিৰ্বাচিত হৈছে আৰু আন চাৰিজন অসম কামাণ্ডো বেটেলিয়নৰ বাবে নিৰ্বাচিত হৈছে। অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল বাহিৰ হোৱাৰ পিছতে সফলতা লাভ কৰা পৰীক্ষাৰ্থী সকলৰ ঘৰত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয় আৰু সকলোৱে এই নিযুক্তি পৰীক্ষাৰ ফলাফল সম্পূৰ্ণ নিকা আৰু স্বচ্ছ হোৱা বুলি দাবী কৰে ।

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ নিযুক্তি বোৰ্ডক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে । ইপিনে নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে সফলতা লাভ কৰা পৰীক্ষাৰ্থীসকলক গামোচাৰে আদৰণি জনাই অসম চৰকাৰ আৰু নিযুক্তি বোৰ্ডৰ দক্ষতাক প্ৰশংসা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in