কোকৰাঝাৰত কাতি গাচ্ছা পালন, VIDEO

কোকৰাঝাৰত কাতি গাচ্ছা পালন,  VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ শুকুৰবাৰে অসমীয়াৰ বাপোতি সাহোন উৎসৱ কাতি বিহু। প্ৰতিজন অসমীয়াই তুলসী তলত আৰু পথাৰত বন্তি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে পালন কৰে কাতি বিহু।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত খেতিয়ক ৰাইজে নিজৰ নিজৰ ধাননি ডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে উদযাপন কৰিছে কাতি বিহু।

উল্লেখ্যে যে বড়োসকলে কাতি বিহুক কাতি গাচ্ছা হিচাপে পালন কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in